১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. দুৰ্গা পূজাৰ উৎসাহ আনন্দৰ মাজত বুৰ গৈছে ৰাজ্য৷ সোমবাৰে ৬ষ্ঠী৷ আটোম-টোকাৰিকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ৷ মহানগৰীত এইবাৰ অনুষ্ঠিত হ'ব চাৰি শতাধিক পূজা৷

২. দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰক দেওবাৰে পুৱা নিয়া হয় গোৱাৰ পানাজীলৈ। ১৫ ছেপ্টেম্বৰৰ পৰা এইমছত চিকিৎসাধীন হৈ আছিল মুখ্যমন্ত্ৰীগৰাকী।

৩. মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী৷ দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত বোমা বিস্ফোৰণৰ পিছত সতৰ্ক হৈছে আৰক্ষী৷ পূজাৰ মাজতে ভাৰত-ৱেষ্টইণ্ডিজৰ এদিনীয়াক লৈও মহানগৰ আৰক্ষীৰ সতৰ্ক দৃষ্টি৷

৪. শনিবাৰে পূৱ আফ্ৰিকাৰ ছোমালিয়া কঁপাই যায় দুটা বিস্ফোৰণে। দুটা শক্তিশালী আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ১৪জন লোকৰ মৃত্যুৰ লগতে ২০জন লোক আহত হয়।

৫. কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ বিংশতম দ্বি-বাৰ্ষিক অধিৱেশন। দেওবাৰে অনুষ্ঠানৰ মুকলি সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

৬. দেওবাৰে ধেমাজি আৰক্ষীয়ে চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। অভিযানত এৰাঢলত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে ৬ কিশোৰক।

৭. দেওবাৰে কেন্দ্ৰীয়ভাৱে অসম গণ পৰিষদ দলৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় শিৱসাগৰ জিলাৰ আমগুৰিত। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ বহু নেতা-কৰ্মী।

৮. ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত ১০ উইকেতত ভাৰতৰ জয়। দেওবাৰৰ জয়ৰে সৈতে শৃংখলাত ২-০ৰে ভাৰতৰ অগ্ৰগতি।

৯. দেওবাৰে তৃতীয় বর্ষপূৰ্তি পালন কৰা হয় কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানৰ। কেবাগৰাকীও বিশিষ্ট লোকৰ উপস্থিতিত পালন কৰা হয় উদ্যানখনৰ তৃতীয় বৰ্ষপূৰ্তি।

১০. ক্ষেত্ৰীৰ দপতাত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ৷ অভিযুক্ত বাবলু বড়োক আটক আৰক্ষীৰ৷ শনিবাৰে সন্ধিয়া সংঘটিত কৰিছিল এই ঘটনা৷

১১. মহানগৰীৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান৷ বেলতলা, আঠগাঁও, নাৰেংগীৰ পৰা জব্দ প্ৰায় ৪০০ লিটাৰ দেশীয় সুৰা৷ সোণাপুৰত অভিযান চলাই জব্দ ৩০ কাৰ্টন অবৈধ বিলাতী সুৰা৷

১২. নিজৰ বিৰুদ্ধে উত্থাপিত হোৱা যৌন নিৰ্যাতনৰ অভিযোগ খাৰিজ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী এম জে আকবৰৰ৷তেওঁ ক'লে- 'এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ বাদে আন একো নহয়৷ অভিযোগ সত্য বুলি প্ৰমাণিত হ'লে পদত্যাগ কৰিম৷'

১৩. বিহাৰৰ গয়াত নাবালিকা ধৰ্ষণৰ অভিযোগত অভিযুক্ত ৮ যুৱকক আৰক্ষীৰ আটক৷ যোৱা ২৫ আগষ্টত গয়াৰ মুফাচ্ছিল অঞ্চলত এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল অভিযুক্তকেইজনে৷

১৪. মঙলদৈৰ বঙলাগড় বজাৰৰ দলঙত পথ দুৰ্ঘটনা৷ দ্ৰুতবেগী বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰাণ হেৰুৱালে চেঙেলীয়াঝাৰৰ মানসজ্যোতি হাজৰিকা নামৰ এজন যুৱকে৷

১৫. উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত খহি পৰিল নিৰ্মীয়মান অট্টালিকা৷ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা৷ নিহত হ'ল ৫ জন৷ আহত হৈছে ১৫ জন৷ উদ্ধাৰ অভিযান অব্যাহত৷

১৬. মহানগৰীৰ ভিন্ন স্থানত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। দেওবাৰে সন্ধিয়া পাঞ্জাবাৰীৰ বতাহঘুলিত বন্যহস্তীৰ বিচৰণ। ফটকা ফুটাই হাতী খেদিলে বন বিভাগে।

১৭. জুনু শৰ্মা হত্যাকাণ্ডত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তক দেওবাৰে হাজোৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত কেইজনক। ইফালে বিয়লি ভাগত পুনৰ আৰক্ষীয়ে পুনৰ আটক কৰে বেংকটোৰ সৈতে জড়িত দুই লোকক।

১৮. এইবাৰ বিশিষ্ট সাংবাদিক বিনোদ ডুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ৷ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা নিশিথা জৈনে ফেচবুক পোষ্টৰ জৰিয়তে উত্থাপন কৰে এই অভিযোগ৷

১৯. কেইবাজনো শীর্ষ প্ৰশাসনীয় বিষয়াৰ উপস্থিতিত হোজাইত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সজাগতা সভা। সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়াৰ বাবে সকলোকে আহ্বান হোজাইবাসীৰ।

২০. দেওবাৰে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে আটক কৰিলে ৩জন লোকক। ২৩ ছেপ্টেম্বৰত সংঘটিত তেলেগু দেশম পাৰ্টীৰ নেতা কিডাৰী ছাৰভেশ্বৰ ৰাও আৰু ছিভেৰী ছোমাৰ হত্যাকাণ্ডৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে আটক কৰে লোক কেইজনক।

২১. হায়দৰাবাদত বৃদ্ধি পাইছে ডেংগী, চিকুনগুনীয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা। চিকিৎসকে জনোৱা মতে, জলবায়ুৰ পৰিৱৰ্তনৰ ফলত দেখা দিছে এই ৰোগে।

২২. ২৮ ডিচেম্বৰত দেশৰ ছবিঘৰলৈ আহিব হিন্দী ছবি 'চিম্বা'। ৰোহিত চেট্টীৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে।

২৩. শনিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি বাঙালী বিৰোধী মন্তব্য নকৰিবলৈ পৰেশ বৰুৱাক সকীয়নি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ। আগন্তুক দিনত দৰকাৰ হ'লে অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ সংগঠনটোৰ।

২৪. অৱশেষত তেজপুৰত আৰক্ষীৰ জালত পৰিল গাড়ীচোৰ চহৰ আলী ওৰফে ডক্টৰ। আৰক্ষীৰ অভিযানত পলাবলৈ চেষ্টা কৰোতে শূন্যলৈ ৪জাঁই গুলীচালনা কৰি আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰটোক।

২৫. আৰু, কংগ্ৰেছ নেতা তথা পঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুক কটাক্ষ বিজেপিৰ৷ 'পাকিস্তানলৈ আকৌ গ'লে ইমৰানৰ মন্ত্ৰীসভাত মন্ত্ৰী হৈ থাকিব লাগে সিদ্ধু।'- বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ৷