/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. ৰাজ্যত অব্যাহত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ অন্তঃকন্দল। বৰপেটাত শনিবাৰে দলীয় কৰ্মীয়ে লণ্ডভণ্ড কৰিলে বিজেপিৰ জিলা কাৰ্যালয়। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বৰপেটা বিজেপিত সৃষ্টি হয় এই পৰিস্থিতিৰ।
২. শোণিতপুৰৰ ৰঙাপৰাত শনিবাৰে যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। এটা পৰিত্যক্ত গৃহত উদ্ধাৰ হয় মৃতদেহটো। বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত যুৱকজন।
৩. শনিবাৰে পুৱা মালদ্বীপৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি শপতগ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দিল্লীমুৱা হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/modi-delhi.jpg)
৪. মহানগৰীৰ আজাৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সন্ধিয়া স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় যুৱতীসহ ৫জন লোক।
৫. অখিল গগৈ নেতৃত্ব দিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী আন্দোলনলৈ সমৰ্থনৰ কথা ঘোষণা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। লগতে আছুকো এই আন্দোলন অধিক শক্তিশালী কৰাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
৬. তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে কংগ্ৰেছে প্ৰকাশ কৰে ১৩ জনীয়া তৃতীয়খন তালিকা। অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন।
৭. এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ আত্মীয়ক প্ৰাণে মৰাৰ ভাবুকিৰ অভিযোগ শোণিতপুৰৰ কংগ্ৰেছৰ উপসভাপতি আব্দুল মান্নানৰ বিৰুদ্ধে। তেজপুৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল।
৮. পশ্চিমবংগত শনিবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। কলকাতাৰ নিৰ্মীয়মান 'দ্য ৪২' নামৰ অট্টালিকাটোত সংঘটিত হয় অগ্নিকাণ্ড। বৰ্তমানলৈ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
৯. 'সাহস আছে যদি মোদীয়ে ৰাফেল ডীলক লৈ মোৰ লগত ১৫ মিনিট তৰ্ক কৰক'- শনিবাৰে ছত্তীশগড়ত মোদীক এইদৰে প্ৰত্যাহ্বান জনালে ৰাহুল গান্ধীয়ে।
১০. সমগ্ৰ বিশ্বৰ কণ কণ শিশুসকলৰ মাজত জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ মিকি মাউছ চৰিত্ৰটোৰ শনিবাৰে ৯০ বছৰ সম্পূৰ্ণ হয়। এই উপলক্ষে মিকি মাউছৰ নিৰ্মাণ কোম্পানী ৱাল্ট ডিজনীয়ে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/micky-mouse.jpg)
১১. ২০০০ চনত আজিৰ দিনটোতে শিৱসাগৰৰ বিহুবৰত সন্দেহযুক্ত আলফাৰ দ্বাৰা ৭জন লোকক গুলিয়াই হত্যা কৰা হৈছিল ৷
১২. নিউয়ৰ্কত চিকিৎসাধীন হৈ থকা অভিনেতা ঋষি কাপুৰ। অভিনেতাগৰাকীক শনিবাৰে সাক্ষাৎ কৰিলে অভিনেতা শ্বাহৰুখ খানে।
১৩. 'সেইসকলেহে চিবিআইক নিজ ৰাজ্যত সোমাব নিদিয়ে যাৰ লুকুৱাব লগীয়া কিছু আছে।'- শনিবাৰে এই মন্তব্য কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/DsL5XSYXgAABJuw.jpg)
১৪. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৩২ জনীয়া দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ বিপৰীতে বিজেপিয়ে প্ৰকাশ কৰে ৮ জনীয়া তৃতীয়খন তালিকা।
১৫. উত্তৰ প্ৰদেশৰ চহাৰনপুৰ জিলাত সংঘটিত হয় পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হয় একেটা পৰিয়ালৰে ৩ জনকৈ লোক।
১৬. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজস্থানৰ চালাৱাড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
১৭. জম্মু-কাশ্মীৰৰ চৌপিয়া জিলাত শনিবাৰে অচিনাক্ত বন্দুকধাৰীয়ে অপহৰণ কৰে ৩ স্থানীয় লোকক। লোক কেইজনৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।
১৮. অভিনেত্ৰী মৃদুলা বৰুৱালৈ ২০১৮বৰ্ষৰ 'চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী' বঁটা। গোলাঘাট জিলাৰ পূৱ কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰই প্ৰদান কৰিব এই বঁটা।
১৯. ধুবুৰী জিলাৰ নিউ ঘাটত যোগান বিভাগৰ অবৈধ নিমখৰ বিৰুদ্ধে অভিযান। অভিযানত ৯৩ কুইণ্টল অবৈধভাৱে মজুত ৰখা নিমখ জব্দ।
২০. ৯ নবেম্বৰৰপৰা আৰম্ভ হোৱা উত্তৰ-পূৱ গ্ৰন্থ মেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ। ৯ দিনত মুঠ বিক্ৰী ২কোটি টকা মূল্যৰো অধিক গ্ৰন্থ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/্হীৰদব.jpg)
২১. 'কংগ্ৰেছ চৰকাৰৰ দিনত যুৱ প্ৰজন্মৰ ধাৰণা বুজি শাসন চলাইছিল চৰকাৰে। বৰ্তমান বিজেপিৰ শাসনত অতিষ্ঠ ৰাজ্যৰ নৱ-প্ৰজন্ম'- শনিবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
২২. মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে অৰুণ জেটলী আৰু শিৱৰাজ সিঙে উন্মোচন কৰে বিজেপিৰ 'ভিজন ড'কুমেন্ট'।
২৩. 'বলাৎকাৰ আগতেও হৈছিল আৰু বৰ্তমানো হৈ আছে।'- শনিবাৰে এই বিৰ্তকিত মন্তব্য কৰিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে।
২৪. অগপ বিধায়ক গুণিন্দ্ৰ নাথ দাসৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিস্ফোৰক মন্তব্য। আছু আৰু ২৮টা সংগঠনৰ নেতৃত্বই বিধেয়কখনৰ বিৰোধিতাৰে স্মাৰকপত্ৰ দিয়াৰ সময়ত প্ৰয়োজন হ'লে পদত্যাগ কৰাৰ হুংকাৰ বিধায়কগৰাকীৰ।
২৫. আৰু, এপিএছচিৰ মুল গোচৰত কৃষি উন্নয়ন বিষয়াৰ পদৰ নিযুক্তিত হোৱা কেলেংকাৰীৰ ৩ অভিযুক্তৰ বিৰুদ্ধে ভঙাগড় থানাৰ ছাৰ্জশ্বীট। ছাৰ্জশ্বীট দাখিল কুনাল দাস, কৌশিক কলিতা আৰু বিকাশ কুমাৰ পিঞ্চাৰ বিৰুদ্ধে।