/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/acci-kothiay.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ কঠিয়াতলি চাৰিআলিৰ ৰেংবেঙত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। নগাঁও অভিমুখে আহি থকা এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে এজন বাইক আৰোহীক।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত লোকজন ডবকাৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে আন এজন ব্যক্তিৰ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ UP25CT-6571 আৰু বাইকখনৰ নম্বৰ AS02L-0553।