পূজাৰ মাজতে সোনাপুৰত অথন্তৰ : বিদ্যুত বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এজনৰ মৃত্য,আনজন গুৰুতৰ ভাবে আহত…

পূজাৰ মাজতে সোনাপুৰত অথন্তৰ : বিদ্যুত বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এজনৰ মৃত্য,আনজন গুৰুতৰ ভাবে আহত…

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ মাজতে সোনাপুৰৰ সংঘটিত হ'ল এক কৰুন ঘটনা । অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ কাণ্ডজ্ঞানহীনতাৰ বাবে শনিবাৰে মৃত্যুক সাৱতি ল'লে পুস্পেস্বৰ তুমুং নামৰ এজন ব্যক্তিয়ে। জানিব পৰা মতে বিদ্যুত পৰিষদৰ বিদ্যুত সৰবৰাহী তাৰত লাগি থকা গছৰ ডাল কাটিবৰ বাবে দুজন লোকক হাজিৰা ভিত্তিত নিযোগ কৰা হৈছিল ।

সেই অনুসৰি পুস্পেস্বৰ তুমুং আৰু কাটাৰ টুমুঙে বিদ্যুত পৰিবাহী তাৰৰ সমীপৰ গছৰ ডাল পাত কাটি থাকোতেই দুয়োজন লোক বিদ্যুতপৃষ্ঠ হয় । ইয়াৰে পুস্পেস্বৰ তুমুং ঘটনাস্থলিতে মৃত্যু হয় আৰু কাটাৰ তুমুং সংকটজনক অৱস্থাত চিকিতসাধীন হৈ আছে ।

গুৱাহাটীৰ উপকণ্ঠৰ সোনাপুৰৰ পাটৰকুছি পাহৰীয়া অঞ্চলত এই কৰুণ ঘটনা সংঘটিত হয় । বিদ্যুৎ বিভাগে শনিবাৰৰ দিনৰ ১১ বজাতে সংঘটিত এই ঘটনা গোপন কৰি ৰখা চেষ্টা কৰিছে যদিও উত্তেজিত স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে সোনাপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

মৃত পুস্পেস্বৰ তুমুঙৰ মৰোনোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰা হয় গুৱাহাটীত । পূৰ্বতেও অনুৰূপ কাণ্ড বিভাগটোৰ চৰম অৱহেলাৰ বাবে সংঘটিত হোৱাৰ উদাহৰন আছে । ইয়াৰ পৰা কোনো শিক্ষা নলোৱা বিদ্যুত বিভাগে পাটৰকুছিত সংঘটিত এই ঘটনা এতিয়া গাপ দিয়াৰ চেষ্টা চলাইছে । স্থানীয় ৰাইজে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে দোৱী বিষয়া কৰ্মচাৰীক কোঠোৰ শাস্তি আৰু দুয়োজনকে যথোপযুক্ত ক্ষতিপুৰনৰ দাবী তুলিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in