গছ কটাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল বনাঞ্চলত! গ্ৰেপ্তাৰ এজন, দুজনৰ পলায়ন

শোণিতপুৰৰ মিছামাৰীৰ সোনাই- ৰূপাই অভয়াৰণ্যত চোৰাং কাঠ কটিয়া এজনক গ্ৰেপ্তাৰ ৷ টহলদাৰী বনৰক্ষীয়ে মঙলবাৰে সীমান্তৱৰ্তী অঞ্চলত গ্ৰেপ্তাৰ চোৰাং কাঠ কটিয়াক ৷

author-image
Asomiya Pratidin
New Update
গছ কটাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল বনাঞ্চলত!  গ্ৰেপ্তাৰ এজন, দুজনৰ পলায়ন

ডিজিটেল সংবাদ, ওৰাংঃ শোণিতপুৰৰ মিছামাৰীৰ সোনাই- ৰূপাই অভয়াৰণ্যত চোৰাং কাঠ কটিয়া এজনক গ্ৰেপ্তাৰ ৷ টহলদাৰী বনৰক্ষীয়ে মঙলবাৰে সীমান্তৱৰ্তী অঞ্চলত গ্ৰেপ্তাৰ চোৰাং কাঠ কটিয়াক ৷

Advertisment

শোণিতপুৰৰ মিছামাৰীৰ সোনাই ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যত শেহতীয়াকৈ বনৰক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছত চোৰাং কাঠকটিয়া আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলি আছে ৷ ইয়াৰ মাজতেই আজি অভয়াৰণ্য খনৰ বনৰক্ষীয়ে অসম-অৰুনাচল সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই আটক কৰে প্ৰেমজিৎ বসুমতাৰী নামৰ এটা চোৰাং কাঠ কটিয়াক৷

অভয়াৰণ্যৰ গছ কটাৰ উদ্দেশ্য তিনিজনীয়া এটা দল আহি থকাৰ তথ্য লাভ কৰিছিল টহলদাৰী বনৰক্ষীৰ দলে। ইয়াৰ পিছতেই বনৰক্ষীৰ দলে অভিযান চলাই অসম-অৰুনাচল সীমান্তৱৰ্তী অঞ্চলটোত ৷ ৩ জনীয়া দলটোক দেখাৰ পিছতেই ৰখাৰ নিৰ্দেশ দিয়ে যদিও পলাবলৈ চেষ্টা কৰোতেই শূন্যলৈ গুলীচালনা কৰি খেদি খেদি এজনক আটক কৰে। অৱশ্যে দুজন পলাই যাবলৈ সক্ষম হয়।

আটক কৰা লোকজনৰ পৰা কিছু সামগ্ৰীও জব্দ কৰে বনৰক্ষীৰ দলটোৱে। উল্লেখ্য পশ্চিম শোণিতপুৰ বন্যপ্ৰানী সংমণ্ডলৰ বন প্ৰাধিকাৰী (আইএফএছ) পিৰাই চুদন বিৰ নেতৃত্বত সোনাই ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যত বনৰক্ষীৰ সংখ্যা বৃদ্ধি হোৱাত শেহতীয়াকৈ বন ধ্বংস হ্ৰাস পাইছে ৷

ইয়াৰ পাছতে অৰুণাচলৰ পথেৰে চোৰাং কাঠ কটিয়াই অবৈধ কাৰ্যকলাপ আৰম্ভ কৰিছে৷ গ্ৰেপ্তাৰ কৰা চোৰাং কাঠ কটিয়া প্ৰেমজিৎ বসুমতাৰীক বনৰক্ষীয়ে আজি আদালতত আজিৰ কৰোৱাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Also Read: ''পদত্যাগ নে কাৰাগাৰৰ পৰা চৰকাৰ চলাব কেজৰিৱালে'' আপে অনুষ্ঠিত কৰিব গণভোট