ডিজিটেল সংবাদ, চিৰাংঃ উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধিৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে ভাৰতীয় তেল নিগমে (ইণ্ডিয়ান অইল) ফেয়াৰফেক্স ইণ্ডিয়া চেৰিটেবল ফাউণ্ডেশ্যন আৰু অসম চৰকাৰৰ সৈতে মিলি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছৰ অধীনত ২৫টা হিম’ডায়েলাইছিছ মেচিন যোগান ধৰিছে । গুৱাহাটীত অলপতে স্বাক্ষৰিত এক ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে এই পদক্ষেপক আনুষ্ঠানিক ৰূপ দিয়া হয়।
ভাৰতত ক্ৰনিক কিডনী ডিজিজ জনস্বাস্থ্যৰ বাবে এক ভয়াবহ সমস্যা হৈয়েই আছে। দেশজুৰি হিমোডায়েলাইছিছ মেচিনৰ প্ৰয়োজন উপলব্ধতকৈ বহু বেছি, ২ লাখতকৈ অধিক মেচিনৰ প্ৰয়োজনীয়তাৰ বিপৰীতে মাত্ৰ ৩৫,০০০ টা মেচিন উপলব্ধ। গ্ৰাম্য জনসংখ্যাৰ বাবে হিমোডায়েলাইছিছৰ খৰচ (বছৰি ২.৪ লাখ টকা), ভ্ৰমণ আৰু থকাৰ খৰচৰ অতিৰিক্ত বোজাৰ সৈতে মিলি এই জীৱন ৰক্ষাকাৰী চিকিৎসাৰ সুবিধা লাভ কৰাটো এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
অসমৰ বহু জিলাত পৰ্যাপ্ত হিমোডায়েলাইছিছৰ সুবিধাৰ অভাৱ। ভাৰতীয় তেল নিগমৰ এই পদক্ষেপে নলবাৰী, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ, ডিব্ৰুগড়, বাকছা, চৰাইদেউ, চিৰাং, ওদালগুৰি, হোজাই, আৰু পশ্চিম কাৰ্বি আংলং আদি জিলাৰ ৰোগীসকলক প্ৰত্যক্ষভাৱে উপকৃত কৰিব।
ইয়াৰ লক্ষ্য হৈছে আৰ্থিক আৰু লজিষ্টিক প্ৰত্যাহ্বানৰ ফলত ৰোগীৰ মৃত্যুৰ হাৰ কম কৰা আৰু এই অঞ্চলসমূহৰ ভিতৰত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নিয়োগৰ সুযোগ সৃষ্টি কৰা। এই অনুষ্ঠানত ভাষণ দি ভাৰতীয় তেল নিগমৰ মুখ্য মহাপ্ৰবন্ধক (এইচ আৰ ডি এণ্ড ই আৰ) উদিত জৈনে কয়, “এই অংশীদাৰিত্বই জটিল স্বাস্থ্যসেৱাৰ সমস্যাসমূহ মোকাবিলা কৰাত ৰাজহুৱা-ব্যক্তিগত সহযোগিতাৰ শক্তিৰ উদাহৰণ দাঙি ধৰে। হিমোডায়েলাইছিছ সেৱাসমূহ বিকেন্দ্ৰীকৰণ কৰি আমি সমগ্ৰ অঞ্চলটোৰ অভাৱগ্ৰস্ত জনগোষ্ঠীসমূহৰ জীৱন ৰক্ষাকাৰী সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
ভাৰতীয় তেল নিগম লিমিটেডৰ বঙাইগাঁও শোধনাগাৰৰ মহাপ্ৰৱন্ধক (মানৱ সম্পদ) নৱজ্যোতি দাসে কয় যে “ ইণ্ডিয়ান অইলৰ ২৫ টা হিম’ডায়েলাইছিছ মেচিনৰ অৱদানে অত্যাৱশ্যকীয় ডায়েলাইছিছ সেৱাসমূহক অনগ্ৰসৰ জনতাৰ ওচৰলৈ অনাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব আৰু স্বাস্থ্যৰ ফলাফল যথেষ্ট উন্নত কৰিব। ইয়াৰ দ্বাৰা অসমৰ স্থানীয় জনগোষ্ঠীসমূহক সহায় কৰা হ’ব, যিসকলৰ এই জীৱন ৰক্ষা সেৱাৰ বাবে এতিয়ালৈকে কোনো কাৰ্য্যকৰী বিকল্প নাছিল।