/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ee36e6f8-ef97-482a-9be7-d0488961c655/meeting.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আজি মঙলবাৰে নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত কাছমাৰী বেজৰ চুক ৰাজহুৱা ভৱন প্ৰাংগনত অনুষ্ঠিত বিয়ানাম,থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী আদিয়ে উজলি উঠিল সমগ্ৰ অঞ্চল ৷ “সবল নাৰী,স্বাক্ষ্যৰ শিশু,সুস্থ ভাৰত" শীৰ্ষক বাণীৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোবা অনুষ্ঠানটিৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰে কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰাই ৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা সমাজ কল্যাণ বিষয়া ৰুৱী কলিতাই শিশু আৰু মহিলা সকলৰ বিভিন্ন সমস্যাৰ ওপৰত বহল ভাৱে ব্যাখ্যা আগবঢ়াই কয়- আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ৷ পুষ্টি হীনতা আমাৰ সমাজৰ পৰা দুৰ কৰিব লাগিব ৷ পুষ্টি হীনতা হৈছে সমাজৰ এক বৃহৎ সমস্যা ৷ এই সমস্যা দুৰি কৰনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় পোষণ মাহ আৰু প্ৰধানমন্ত্ৰী মাক্ৰু বন্দনা আচঁনিৰ জড়িয়তে শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সবল কৰি ৰখা কামৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ শিশু , কিশোৰী আৰু মহিলা সকলৰ বিভিন্ন সমস্যা ৰাজি সমূহ কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত বিষদভাৱে আলোকপাত কৰাৰ লগতে সময়ে সময়ে সমাজত চলি চলা বাল্য বিবাহৰ ওপৰত বিশদ ভাৱে ব্যাখ্যা আগবঢ়াই ৷
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অভিজিৎ চক্ৰৱৰ্তীয়ে সময়ে সময়ে সংহত শিশু উন্নয়ন প্ৰকল্পৰ লগত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা কেনেদৰে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে সেই সম্পৰ্কত আলোক পাত কৰে ৷
খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা ৰুলি শইকীয়াই আতঁ ধৰা অনুষ্ঠানটিত খাগৰিজান সংহত শিশু উন্নয়ন বিষয়া বিদ্যুত হাজৰিকা,কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা, বাজিয়াগাওঁ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া ভূপেন ভট্টাচাৰ্য,খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিসংখ্যা বিষয়া বিপুল বৰা, কাছমাৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ ইয়াছমিন বেগম,জিলা মিশ্যণ সমন্বয়ক বৰ্নালিকা গোস্বামী,জিলা পোষণ সমন্বয়ক উপাসনা বৰা,খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা বনশ্ৰী কলিতা,বৰ্নালী বৰা,ৰুবী বৰা,পিংকী বৰা,লয়নো মজুমদাৰকে ধৰি কাছমাৰী বেজৰ চুক অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তি সকলকে প্ৰমুখ্য কৰি বিভিন্ন অংগনবাড়ি কৰ্মী আৰু সহায়িকা সকলৰ ওপৰি তিনি শতাধিক মহিলা উপস্থিত থাকে ৷