নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পে'ট্ৰল আৰু ডিজেল ভৰ্তি টেংকাৰ বাগৰি পৰিল পথৰ কাষৰ দ-খাৱৈত ৷

কথমপি ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল টেংকাৰখন ৷ দুৰ্ঘটনাগ্রস্ত টেংকাৰখনৰ নম্বৰ হৈছে এন এল-০১-এ ডি-০৮২৭। নুমলীগড় শোধনাগাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা পথত শোধনাগাৰৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ গৈয়ে বাগৰি পৰে টেংকাৰ খন৷

ঘটনাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰাৰ উপৰি পথটোত যান-যঁটৰো সৃষ্টি হয় ৷ অৱশ্যে ইতিমধ্যে ঘটনা স্থলীত নুমলীগড় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ টেংকাৰখন নিৰাপদে উঠাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...
ৰঙা-বগা মানেই গামোছা নহয়, অযথা বিতৰ্কত ম্লান নকৰিব গামোছাৰ সন্মান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in