/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/elephantinapondgaagatable-Untitled-5-copy.jpg)
ডিজিটেল সংবাদ, নুমলীগঁড়ঃ মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত কাঠনি বাগানৰ ওৰাং লাইনত শনিবাৰে নিশা হাতী পোৱালী এটা কুঁৱাত সোমাই পৰে। নিশা প্ৰায় ৮.৩০ বজাত ৭-৮ জনীয়া এটা হাতীৰ জাক অঞ্চলটোত প্ৰবেশ কৰে। জাকটোত থকা এটা ছমহীয়া হাতী পোৱালী নতুনকৈ খন্দা এটা কুঁৱাত সোমাই পৰে হাতী পোৱালীটো।
ইফালে, বনকৰ্মীৰ সহযোগত স্থানীয় ৰাইজে ৰছীৰে বান্ধি পোৱালীটো নিৰাপদে কুঁৱাৰ পৰা উদ্ধাৰ কৰে। কিন্তু হাতীৰ জাকৰ কাষতে মানুহে পোৱালীটো উদ্ধাৰ কৰা সময়ত হাতী জাকটোৱে কোনো ধৰণৰ অপকাৰ নকৰি নীৰৱে আছিল। শেষত সুস্থভাবে হাতীপোৱালীটো উদ্ধাৰ হৈ জাকটোৰ লগত গুচি যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us