এন এছ চি এন মুইভা গোটৰ দুই জ্যোষ্ঠ নেতাক বহিষ্কাৰ..

এন এছ চি এন মুইভা গোটৰ দুই জ্যোষ্ঠ নেতাক বহিষ্কাৰ..

author-image
asomiyapratidin
New Update
এন এছ চি এন মুইভা গোটৰ দুই জ্যোষ্ঠ নেতাক বহিষ্কাৰ..

ডিজেটেল সংবাদ ৱাখাঃ সংগঠন, সংবিধান বিৰোধী কাম -কাজৰ অভিযোগত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে দুগৰাকী জ্যেষ্ঠ নেতাক সংগঠনৰ পৰা বহিস্কাৰ কৰিছে । এক বিবৃতিত সংগঠনটোৱে কৈছে যে, নগা জাতিৰ বিৰুদ্ধে গৈ ব্যক্তিগত লাভালাভৰ বাবে কাম কৰা এন এছ চি এনৰ গভৰ্মেণ্ট অৱ পিপলছ ৰিপাবলিক অৱ নাগালিম ষ্টেয়িঙ কমিটিৰ জ্যেষ্ঠ সদস্য তথা নাগালিম সংসদৰ (টাটা হোৰ ) অধ্যক্ষ বেছন ভেমাই, নাগালিম চাৰ্চ কাউন্সিলৰ উপ সভাপতি ভি এছ জহান ভেমাই নাগা পলিটিকেল গ্ৰুপৰ জিপি আৰ এনত যোগ দিছে ।

Advertisment

সেয়ে সংগঠন মতাদৰ্শৰ বিপৰীতে গৈ বেলেগ সংগঠনত যোগ দিয়াৰ বাবে দুয়োগৰাকী নেতাক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে । উল্লেখযোগ্য যে ৩৭ বছৰ ধৰি এন এছ চি এন মুইভা গোটত সেৱা আগবঢ়োৱা বেছন ভেমাই আৰু ভি এছ জহান ভেমাই সম্প্ৰতি ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজত থকা নাগা নেচনেল পলিটিকেল গ্ৰুপত যোগদান কৰিছে ।

শুকুৰবাৰে দুয়োগৰাকীয়ে খেহইত থকা এন এন জি পি আৰু ডব্লিউ চি শিবিৰত অধ্যক্ষ তথা জেনেৰেল মিওকপাও কন্যাক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে । বহিষ্কৃত নেতা দুগৰাকীয়ে ভাৰত চৰকাৰৰ সৈতে এন এন জি পিৰ ২০১৭ চনত স্বাক্ষৰিত এগ্ৰি পইণ্ট চুক্তিৰ প্ৰতি আৰ্কিষত হৈ এনেদৰে এন এছ চি এন আই এমৰ পৰা আঁতৰি অহা বুলি উল্লেখ কৰিছে ।