ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ নীতিৰ আধাৰত নগা ৰাজনৈতিক সমস্যা সমাধান হ’বঃ এন এছ চি এন(আই এম) অধ্যক্ষ কিউ টুচ্ছু

ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ নীতিৰ আধাৰত নগা ৰাজনৈতিক সমস্যা সমাধান হ’বঃ এন এছ চি এন(আই এম) অধ্যক্ষ কিউ টুচ্ছু

ডিজিটেল সংবাদ, ৱাখাঃ আসন্ন নগা সমস্যাৰ চূড়ান্ত সমাধান ২০১৫ চনৰ ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ নীতিৰ আধাৰত হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ অধ্যক্ষ কিউ টুচ্ছুৱে । যোৱা ১৯ ছেপ্টেম্বৰত কেম্প হেব্ৰুনত নাগালেণ্ডৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠক এই কথা অৱগত কৰে ।

টুচ্ছুৱে এন এছ চি এন (আই এম )আৰু ভাৰত চৰকাৰৰ মাজত সম্পাদিত ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ নিৰ্ধাৰিত সিদ্ধান্তৰ আসন্ন হব লগা চূড়ান্ত চুক্তি স্বাক্ষৰ বাবে আগবাঢ়িব বুলি কয় । তেওঁ আশা প্ৰকাশ কৰে যে ভাৰত চৰকাৰে পাৰস্পৰিক সন্মানেৰে এই দীৰ্ঘদিনীয়া নগা সমস্যাৰ সমাধান কৰিব। কাৰণ ভাৰত চৰকাৰে ইতিমধ্যে নগাসকলৰ অতুলনীয় ইতিহাস আৰু দক্ষতাসমূহক ফ্ৰেমৰ্ৱক চুক্তিৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰিছে।

তেওঁ আৰু কয় যে এন এছ চি এন আই এমৰ চৰকাৰ নগাসকলৰ জাতীয় চৰকাৰ। যি নগাসকলৰ জনাদেশেৰে গঠিত । গতিকে এন এছ চি এনে নগাসকলৰ কণ্ঠক প্ৰতিনিধিত্ব কৰিছে। আনহাতে টুচ্ছুৰ মতে নগা চূড়ান্ত চুক্তি ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ আধাৰত হব লাগিব কাৰণ ফ্ৰেমৰ্ৱক চুক্তিত নগাসকলৰ বিশিষ্টতাৰ পৰিচয় আৰু সন্মান সুৰক্ষিত কৰা হৈছে। এন এছ চি এন আই এমৰ অধ্যক্ষ গৰাকীয়ে ভাৰত চৰকাৰক বৰ্তমানৰ নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী আৰ এন ৰবিক মধ্যস্ততাকাৰীৰ দায়িত্বৰ পৰা আঁতৰ নকৰি চুক্তিৰ অন্তিম পৰ্যায়লৈ ৰাখিবলৈ আহবান জনাইছে । কাৰণ আৰ এন ৰবি নগা সমস্যাৰ মূল চুক্তিকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in