/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/jjjjjjjjjjjjjjjaaaaaaaaaaa.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ মন জিলাত দেওবাৰে নগা বিদ্ৰোহী এন এছ চি এন খাপলাঙ গোটে ছেনলইছয়ত গাঁৱত থকা ৪০ নং আছাম ৰাইফলছ ডেল্টা কোম্পানীৰ শিবিৰৰ ওপৰত কৰে ভয়ংকৰ গুলীবৰ্ষণ ।
জানিব পৰামতে এন এছ চি এন কেৰ আছাম ৰাইফলছ শিবিৰৰ ওপৰত মুকলিকৈ গুলীবৰ্ষণ কৰে কিন্তু আছাম ৰাইফলছেও ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত প্ৰায় ডেৰ ঘণ্টা ধৰি গুলীয়াগুলি চলে । অৱশ্যে বিদ্ৰোহী আৰু সেনাৰ হতাহত সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই যদিও গাঁওবাসী আহত হোৱা বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলী পৰা ৭৫ টা খালি কাৰ্টিজৰ লগতে ৪০ এম এমৰ গ্ৰেনেড উদ্ধাৰ কৰা হৈছে । হতাহতৰ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে । ইফালে এই ঘটনাৰ পিছত সমগ্ৰ মন জিলাত যুদ্ধ আতংক বিয়পি পৰিছে । উল্লেখযোগ্য যে অহা ৩১ অক্টোবৰ ভিতৰত নগা চুক্তি স্বাক্ষৰ চূড়ান্ত সময় নিৰ্ধাৰিত কৰি খচৰা প্ৰস্তুত কৰি থকাৰ সময়তে এন এছ চি এন খাপলাঙ গোটৰ সেনাৰ ওপৰত কৰা এই আক্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us