/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/naga-13-d1da-4ce4-9882-8f1dd4c44c09.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা অসুস্থ হৈ পৰাৰ বাবে সোমবাৰে বিশেষ চাৰ্টাৰ বিমানেৰে দিল্লীলৈ নিয়া হৈছে । উল্লেখযোগ্য যে, বিগত এসপ্তাহৰ পৰা শাৰীৰিক সমস্যাত ভূগি থকা মুইভাৰ দেওবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত লৰালৰিকৈ চিকিৎসাৰ বাবে সোমবাৰে দিল্লীলৈ যোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/abea6a25-0313-4511-9d5d-bb50ba4d01e8-1024x590.jpg)
চাৰ্টা বিমানত মুইভাৰ সৈতে তেওঁৰ পত্নী আৰু এন এছ চি এনৰ সাত গৰাকীলোক দিল্লীলৈ গৈছে। অৱশ্যে বিদ্ৰোহী সংগঠনটোৰ সাধাৰণ সম্পাদক মুইভাক কোন চিকিৎসালয়ত ভৰ্তি কৰাইছে বা কি ৰোগত আক্ৰান্ত হৈছে সেই সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰা নাই যদিও চিকিৎসা বাবে নিয়া বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, ৮৬ বছৰীয়া থুইংগালেং মুইভাৰ স্বাস্থ্য ভালে নথকাৰ বাবে ভাৰত চৰকাৰৰ সৈতে হ'বলগীয়া শান্তি আলোচনা বাতিল কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/96dc4466-3cb1-45f4-9588-04ba6a6470fd.jpg)