থলুৱা অসমীয়াক বিদেশী ঘোষণাৰ কৰ্তৃত্ব এন আৰ চি কৰ্তৃপক্ষক দিলে কোনে?

থলুৱা অসমীয়াক বিদেশী ঘোষণাৰ কৰ্তৃত্ব এন আৰ চি কৰ্তৃপক্ষক দিলে কোনে?

ডিজিটেল ডেস্কঃ এন আৰ চিৰ কৰ্তৃপক্ষৰ কৰ্ম-কাণ্ডক লৈ এতিয়া ব্যাপক সমালোচনা আৰু বিতৰ্কৰ জোৱাৰ উঠিছে। বহু বিদেশীক স্বদেশী সজোৱা এই এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত থলুৱা অসমীয়াকে সজাইছে বিদেশী নাগৰিক।

শেহতীয়াকৈ মহানগৰীৰ লালমাটি বৰসজাইত এজন অসমীয়াক এন আৰ চি কৰ্তৃপক্ষই বিদেশী নাগৰিক সজাই তেওঁৰ লগতে তেওঁৰ পৰিয়াললৈ জাননী জাৰি কৰা কাৰ্যই এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ পুনৰ সন্দেহৰ সৃষ্টি কৰিলে।

এন আৰ চি প্ৰকাশিত প্ৰথমখন খচৰাত হৰেন্দ্ৰ নাথ দাস আৰু তেওঁৰ পৰিয়ালৰ দুই সদস্য ক্ৰমে- ডলী দাস আৰু পল্লৱী দাসৰ নাম আছিল। কিন্তু চূড়ান্ত এন আৰ চি খচৰাত তেওঁলোকৰ নাম নথকৰা বিপৰীতে ৬ আগষ্ট, ২০১৮ত তেওঁলোকলৈ এন আৰ চি কৰ্তৃপক্ষৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছে। য'ত তেওঁলোকক এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম নথকাৰ কাৰণ হিচাপে 'ঘোষিত বিদেশী' বুলি উল্লেখ কৰা আছে।

মন কৰিবলগীয়া যে, এই পৰিয়ালটো যে খিলঞ্জীয়া অসমীয়া পৰিয়াল, তাত কোনো সন্দেহ নাই। হৰেন্দ্ৰ নাথ দাস নামৰ ব্যক্তিগৰাকীৰ ভাগিনীয়েক অবণী পাঠক। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। সেইটো পৰিয়ালৰ এজন আত্মীয়ক কেনেদৰে 'ঘোষিত বিদেশী' সাজিলে এন আৰ চি কৰ্তৃপক্ষই সেয়াহে এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

প্ৰথম তালিকাত নাম থকাৰ পাছতো কেনেকৈ এন আৰ চি কৰ্তৃপক্ষই তেওঁক 'ঘোষিত বিদেশী' আখ্যা দিলে তাক লৈও উত্থাপিত হৈছে ৰহস্য। কিয়নো কোনো লোকক বিদেশী বুলি ঘোষিত কৰিব পাৰে বিদেশী ন্যায়াধীকৰণে। তাৰ বিপৰীতে এই অসমীয়া পৰিয়ালকটোক প্ৰথম খচৰাত নাম থকাৰ পাছতো এন আৰ চি কৰ্তৃপক্ষই কিহৰ ভিত্তিত বিদেশী সাজি এনেকৈ হাৰাশাস্তি কৰিছে সেয়া অবুজ সাঁথৰ হৈ পৰিছে।

এন আৰ চি কৰ্তৃপক্ষৰ এনে কৰ্ম-কাণ্ডই এই প্ৰক্ৰিয়াতো যে নিখূতভাৱে সম্পন্ন হোৱা নাছিল তাকে প্ৰমাণ কৰিলে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত সম্পন্ন হোৱা এন আৰ চি উন্নীতকৰণক লৈ এন আৰ চি কৰ্তৃপক্ষই আচলতে ল'ৰা-ধেমালিহে কৰিলে বুলি চৰ্চা হৈছে। প্ৰশ্ন হয়- এই অসমীয়া পৰিয়ালটোক 'ঘোষিত বিদেশী' আখ্যা দিয়াৰ অধিকাৰ এন আৰ চিক দিলে কোনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in