
ডিজিটেল সংবাদ, বৰপেটাঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাবলৈ মাজত মাত্ৰ ৩ দিন৷ অসমীয়া জতিৰ বহু প্ৰত্যাশিত এনআৰচি প্ৰকাশৰ প্ৰাকক্ষণত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে৷ বিশেষকৈ বৰপেটা জিলাত আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসন সষ্টম হৈ উঠিছে৷ জিলাখনত বিভিন্ন পৰ্যায়ত প্ৰশাসনে ইখনৰ পিচত সিখন বৈঠক অনুষ্ঠিত কৰিছে৷
জিলাখনত যাতে আইন শৃংখলাৰ পৰিস্থিতিৰ সামান্যতমো অবনতি নঘটে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন নিৰাপত্তা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা আৰক্ষী অধীক্ষক ডা০ ৰবীন কুমাৰ, জিলা উন্নয়ন আয়ুক্ত ডা০ বাবুল চহৰীয়া, সেনাৰ ৯ জাট ৰেজিমেন্টৰ মেজৰ মায়ঙ্ক যাদৱ, সীমা সশস্ত্ৰ বলৰ অতিৰিক্ত অধীক্ষক অ' ছোভা সিং, চিআৰপিএফৰ অতিৰিক্ত অধীক্ষক ভি কুমাৰ আদিৰ উপৰি অতিৰিক্ত উপায়ুক্ত সকলো উপস্থিত থাকে।
সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে যদিও কোনো ফালৰ পৰা বিশেষ কোনো শংকাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই তথাপি আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু প্ৰশাসন সষ্টম হৈ থকাতো উচিত৷ প্ৰয়োজনত সেৱা আগবঢ়াবলৈ সকলো পক্ষকে সাজু থাকিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়৷ এই সভাত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়৷
উল্লেখ্য যে, জিলাখনত ইতিমধ্যে ১৪টা অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে৷ এনআৰচি প্ৰসংগত সোমবাৰেও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত সকলো চক্ৰ বিষয়াকলৈ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত চক্ৰ বিষয়াসকলক নিজ নিজ অঞ্চলৰ বিশিষ্ট নাগৰিক, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আদিৰ সৈতে আলোচনাত বহাৰ বাবে নিৰ্দেশ দিয়া হয়। বিভিন্ন অঞ্চললৈ গৈ তেওঁলোকক ৰাইজৰ সৈতে মত বিনিময় কৰাৰো পৰামৰ্শ দিয়া হয়।
মঙলবাৰে অনুষ্ঠিত বৈঠকৰ পিচতে উপায়ুক্তগৰাকীয়ে কোনো ধৰণৰ শংকাৰ কাৰণ নাই বুলি ৰাইজক আশ্বস্ত থাকিবলৈ আহ্বান জনায়৷ যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন সাজু বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে৷ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব খোজা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় উপায়ুক্তগৰাকীয়ে৷ এনআৰচি বিষয়ক লৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'লে ততালিকে স্থানীয় আৰক্ষী নাইবা প্ৰশাসনক অবগত কৰিবলৈ উপায়ুক্তই ৰাইজৰ প্ৰতি আহ্বান জনাইছে।
তেওঁ কয় যে, কোনো লোকৰ নাম চূড়ান্ত তালিকাত নাথাকিলেও চিন্তিত হোৱাৰ কাৰণ নাই। এনআৰচিত নাম নথকা লোকজনেও তেওঁ বিদেশী ন্যায়াধীকৰণত এই সম্পৰ্কত আবেদন কৰাৰ বাবে ১২০ দিনৰ সুযোগ পাব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে৷ ইতিমধ্যে ৰাইজৰ সুবিধাৰ্থে বৰপেটা জিলাত ন্যায়াধীকৰণৰ সংখ্যা ১৩খনলৈ বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে৷ আনহাতে জৰুৰীকালীন যোগাযোগৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ দুটা নম্বৰ মুকলি কৰা হৈছে। এই নম্বৰ দুটা হৈছে- ৮৮১১০৩০৬০০ আৰু ০৩৬৬৫-২৩৬০৮৫৷ ৩১ আগষ্টৰ পুৱা ১০ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু এনআৰচি সেৱা কেন্দ্ৰসমূহত চূড়ান্ত তালিকাখন প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে৷