সদৌ অসম চৰকাৰী এন. পি .এছ কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিৰ সৰ্বাত্মক কৰ্মবিৰতি…

সদৌ অসম চৰকাৰী এন. পি .এছ কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিৰ সৰ্বাত্মক কৰ্মবিৰতি…

ডিজিটেল সংবাদ , ধেমাজিঃ ৰাজ্যখনৰ অন্যান্য জিলাত সদৌ অসম চৰকাৰী এন. পি.এছ কৰ্মচাৰী সন্হাই পুৰণি পেঞ্চন ব্যৱস্থা বলবৎ কৰাৰ দাবীত মঙলবাৰে সৰ্বাত্মক কৰ্ম বিৰতি অসহযোগ কাৰ্য্যসূচী পালন কৰা লগতে ধেমাজি জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্হাই ও জিলাখনত সৰ্বাত্মক কৰ্ম বিৰতি অসহযোগ কাৰ্য্যসূচী পালন কৰে ৷

ধেমাজি জিলা চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্হাৰ সভাপতি গোবিন দত্ত আৰু সাধাৰণ সম্পাদক ডিম্বেশ্বৰ পেগুৱে জনোৱামতে মঙলবাৰে পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈকে ধেমাজি জিলা খনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে সদৌ অসম চৰকাৰী এন. পি.কৰ্মচাৰী সন্হাৰ নিৰ্দ্দেশ মমে ধেমাজি জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্হাও সম্পূৰ্ণ ভাৱে তেওঁলোকৰ দায়িত্বত থকা কাৰ্য্যৰ পৰা বিৰত থাকি ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা বলবৎ কৰিবলৈ দাবী জনাই সম্পূৰ্ণভাৱে কৰ্ম বিৰতি অসহযোগ কাৰ্য্যসূচী পালন কৰে ৷

এক বিবৃতিৰ জৰিয়তে জিলা সমিতিৰ দুই বিষয়ববীয়াই জনোৱা মতে, ৰাজ্যত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্হাই পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও চৰকাৰে এই পৰ্যন্ত কোনো সহাৰি জনোৱা নাই৷ বিগত মাহৰ ৩১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্হাই গণ অভিৱৰ্তনৰ জৰিয়তে এই পেঞ্চনৰ সমস্যাটো শীঘ্ৰেই চৰকাৰে ব্যৱস্থা নকৰিলে ৰাজ্যত চৰকাৰী কৰ্মচাৰী সকলে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব বুলি দাবী জনোৱা পিছতেই চৰকাৰে সহাৰি জনাই আশ্বাস দিছিল যদিও পৰবৰ্তী চলি মাহৰ ৪ ফেব্ৰুৱাৰীত সন্হাই পুনৰ লিখত ভাৱে বিষয়টো অৱগত কৰোতে হে চৰকাৰে কাৰ্য্যকৰী কৰা পৰা অনিহা প্ৰকাশ বিষয়টো স্পষ্ট হৈ পৰে ৷

আনফালে ৰাজ্যৰ বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰা কাৰ্যকালৰ কোনো বাধ্যবাধকতা নথকাকৈ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে পাবলগীয়া নিম্নতম ১০ লাখ টকাৰ অৱসৰকালীন আনুতোষিক ( Retirement Gratuity) ৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী নিৰ্দেশ মঙলবাৰে পৰ্যন্ত প্ৰকাশ নকৰাত ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত অতি সোনকালেই অসম চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিবলৈ ধেমাজি জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্হাই দাবী জনাইছে৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in