অসমৰ ৰাজনীতিত নতুন দলৰ আত্মপ্ৰকাশ

অসমৰ ৰাজনীতিত নতুন দলৰ আত্মপ্ৰকাশ

author-image
asomiyapratidin
New Update
অসমৰ ৰাজনীতিত নতুন দলৰ আত্মপ্ৰকাশ

  • অসমৰ ৰাজনীতিত নতুন দলৰ আত্মপ্ৰকাশ।
  • বুধবাৰে অসমত আত্মপ্ৰকাশ ঘটিল এনপিপি দলৰ।
  • দলক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ।
  • কনৰাড চাংমাৰ মতে, 'এনপিপিয়ে উত্তৰ-পূবৰ বাবে মাত মাতি আহিছে।'
  • 'অসম তথা উত্তৰ পূৰ্বৰ বাবে এনপিপিয়ে সদায়ে মাত মাতি আহিছে।'
  • 'এনপিপিয়ে অসমৰ মূল ইছ্যুত মাত মাতে।'
  • উঃপূবৰ সমস্যাত মাত মাতিবলৈ আমাৰ পতাকা ঠিয় কৰিছোঁ কাৰণ দিল্লীয়ে আমাৰ কথা সহজে নুশুনে বুলিও মন্তব্য কৰে তেওঁ।
  • লগতে তেওঁ কয়, 'পি এ চাংমাই এই দল গঠন কৰিছিল।'
  • 'তেওঁৰ উত্তৰ-পূবক আগুৱাই নিয়াৰ সপোন আছিল'।
  • পি এ চাংমাৰ সপোনবোৰ আমি সঁচা কৰিব লাগিব।
  • তেওঁৰ সপোন আমি আগুৱাই নিব লাগিব।
  • দিল্লীত চৰকাৰ সলনি হয় কিন্তু আমি একেই থাকো বুলিও মন্তব্য কৰে তেওঁ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাও উত্থাপন কৰে তেওঁ।