দুৰ্ভাগ্যজনক! সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টানেল খহি শ্ৰমিকৰ কৰুণ মৃত্যু…

দুৰ্ভাগ্যজনক! সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টানেল খহি শ্ৰমিকৰ কৰুণ মৃত্যু…

author-image
asomiyapratidin
New Update
দুৰ্ভাগ্যজনক! সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টানেল খহি শ্ৰমিকৰ কৰুণ মৃত্যু…

ডিজিটেল সংবাদ লখিমপুৰ: গেৰুকামুখৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ এক বৃহৎ অঘটন সংঘটিত হৈছে ৷ কাম কৰি থকা অৱস্থাতে শ্ৰমিকৰ মুৰত টানেলৰ ছাদ খহি পৰাৰ ফলত এজন শ্ৰমিক মৃত্যু মুখত পৰে লগতে আন দুজন গুৰুতৰ ভাৱে আহত হয় ৷

জলবিদ্যুৎ প্ৰকল্পটোৰ দুই নম্বৰ ইনটেক্ট টানেলত এই ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে পুৱা প্ৰকল্পত নিয়োজিত একাংশ শ্ৰমিকে ইনটেক্ট টানেলৰ ভিতৰত নিৰ্মাণ কাৰ্য চলাই আছিল ৷ সেই সময়তে প্ৰকল্পটোৰ ইনটেক্ট টানেলৰ ছাদ খহি পৰি এজন শ্ৰমিক ভগ্নস্তুপত সোমাই পৰে ৷ আন দুজন শ্ৰমিক গুৰুতৰ ভাৱে আহত হয় ৷

মৃত শ্ৰমিকজন গেৰুকামুখ পাৰ্বতীপুৰৰ জিতু হাতীবৰুৱা ৷ আনহাতে আহত শ্ৰমিকক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

উল্লেখযোগ্য যে অহা আগষ্ট মাহৰ পৰা সোৱণশিৰি প্ৰকল্পৰ পৰা প্ৰথম পৰ্যায়ত দুটা ইনটেক্ট টানেলৰ জৰিয়তে দুটা টাৰ্বাইন চলাই দুই ইউনিট বিজুলী উৎপাদনৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ সেই উদ্দেশ্যত প্ৰকল্পটোৰ শেষ পৰ্যায়ত নিৰ্মাণ কাৰ্য চলি আছে ৷ এই ইনটেক্ট টানেলৰ যোগেদি প্ৰকল্পৰ ৰিজাৰ্ভৰ পানী পাৱাৰ হাউচলৈ লৈ যোৱা হ'ব ৷ তদুপলক্ষে নিৰ্মাণ কাৰ্য চলাই থকা হৈছিল ইনটেক্ট টানেলত ৷

আৰু পঢ়ক: ঢকুৱাখনাত সাংসদ প্ৰদান বৰুৱাৰ ব্যতিক্ৰমী পদক্ষেপ,কৃষক-পালকৰ ল'লে মনৰ খবৰ

assam NPHC