বিধায়কৰূপে সুখী নহয় অখিল গগৈ, পূৰ্বে অধিক সক্ৰিয় হৈ আঙুলিয়াই দিব পাৰিছিল শাসকতন্ত্ৰৰ ভুল

বিধায়কৰূপে সুখী নহয় অখিল গগৈ, পূৰ্বে অধিক সক্ৰিয় হৈ আঙুলিয়াই দিব পাৰিছিল শাসকতন্ত্ৰৰ ভুল

ডিজিটেল ডেস্ক : "বিধায়কৰূপে সুখী নহয় অখিল গগৈ, পূৰ্বে অধিক সক্ৰিয় ৰূপে আঙুলিয়াই দিব পাৰিছিল ভুলসমূহ" এই দাবী শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীৰ ।

উল্লেখ্য যে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাৰাগাৰৰ পৰাই ২০২১ চনত সেই সময়ত 'ৰাইজৰ দল' শীৰ্ষক এটি ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচনত জয় লাভ কৰিছিল । বিধায়ক গৰাকীয়ে প্ৰথমটো নিৰ্বাচনতেই ৰাইজৰ আস্থা জিনিবলৈ সক্ষম হৈ নিৰ্বাচনত জয়লাভ কৰিছিল । ইতিপূৰ্বে ৰাইজৰ হকে সঘনাই মাত মাতি অহা আৰু শাসকতন্ত্ৰৰ দোষ আঙুলিয়াই দিয়াৰ বাবে খ্যাতি লাভ কৰা সংগ্ৰামী নেতা গৰাকীয়ে নিৰ্বাচনত জিকিবলৈ বৰ বিশেষ কষ্ট কৰিব লগীয়া নহ'ল । বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পাছতো সদনত বহু বাৰ ৰাইজৰ স্বাৰ্থত মাত মাতি বিপদত পৰিছিল বিধায়ক গৰাকী ।

ৰবিবাৰে সংবাদ মাধ্যমৰ সন্মুখত দিয়া এক মন্তব্য অনুসৰি, সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ পূৰ্বে শাসকতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ বেছিকৈ কৰিব পাৰিছিল অখিল গগৈয়ে । আনহাতে, এই প্ৰতিবাদ কেৱল ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নহয় বৰং কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও আছিল বুলি মন্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে । এই সন্দৰ্ভত অখিল গগৈক কৰা এক প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে কয় যে, পূৰ্বতে তেওঁ সুখী আছিল প্ৰতিবাদী সত্বাৰূপে, বৰ্তমান প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে হ'লেও চৰকাৰৰ এক অংশ হৈ পৰিছে অখিল গগৈ ।

উল্লেখ্য যে, অখিল গগৈৰ ভাষ্য অনুসৰি, ৰাজ্যত ৫১ গৰাকী বিধায়ক আছে যদিও মূল বিৰোধী অখিল গগৈ অকলেই । বহু বিধায়কে বিৰোধীৰ ভূমিকা পালন কৰিছে যেন লাগিলেও সময়ত বিজেপিৰ সমৰ্থনত হে ভোটদান কৰে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in