অৰুণাচলত বন্ধ কৰা হ’ল ইন্টাৰনেট সেৱা! উত্তৰ-পূবক দ্বিতীয় কাশ্মীৰ কৰাৰ দিশে মোডী চৰকাৰ…

অৰুণাচলত বন্ধ কৰা হ’ল ইন্টাৰনেট সেৱা! উত্তৰ-পূবক দ্বিতীয় কাশ্মীৰ কৰাৰ দিশে মোডী চৰকাৰ…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ কেবৰ বিৰুদ্ধে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈ থকা সময়তে এই প্ৰতিবাদ প্ৰতিৰোধ কৰিবলৈ চৰকাৰী পক্ষই গ্ৰহণ কৰিছে ন ন কৌশল। ত্ৰিপুৰাত ৪৮ ঘণ্টাৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰাৰ পাছত এইবাৰ অৰুণাচলপ্ৰদেশত জিঅ' আৰু এয়াৰটেলৰ ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰিছে।

অসমতো বিভিন্ন স্থানত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনা, ছ'চিয়েল মিডিয়াত কেবৰ বিৰুদ্ধে সৃষ্টি হোৱা জনমতৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো মুহূৰ্ততে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে।উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা সময়তো প্ৰতিবাদকাৰীসকল যাতে একত্ৰিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰণালয়ে ইন্টাৰনেট সেৱা বন্ধ ৰাখিছিল।এই অনুৰূপ পৰিস্থিতি এতিয়া সৃষ্টি হৈছে উত্তৰ-পূৰ্বাঞ্চলত। ইতিমধ্যে উত্তৰ-পূবৰ দুখন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ পাছত দ্বিতীয় কাশ্মীৰ হোৱাৰ দিশে গৈ আছে উত্তৰ-পূব।

লক্ষণীয় যে, ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে কেবৰ বিৰোধিতাৰে ওলাই অহা এক কাৰণ ছ'চিয়েল মিডিয়া বুলি গণ্য কৰি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে। কিন্তু এনে পদক্ষেপ গ্ৰহণ কৰিলে তেওঁলোকে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ বাবে সোতৰ বিপৰীত হোৱাৰ আশংকা অধিক হৈ পৰিছে।ইফালে, আছুৱে আহ্বান দিয়া ১১ ঘণ্টীয়া অসম বন্ধ আবেলি ৪ বজাত অন্ত পৰিল যদিও, মহানগৰীৰ বিভিন্ন স্থানত এতিয়াও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।