মহিলা ৰে’লযাত্ৰী সকলৰ বাব সুখবৰ, আহি আছে ‘গুলপীয়া দবা’…

মহিলা ৰে’লযাত্ৰী সকলৰ বাব সুখবৰ, আহি আছে ‘গুলপীয়া দবা’…

author-image
asomiyapratidin
New Update
মহিলা ৰে’লযাত্ৰী সকলৰ বাব  সুখবৰ, আহি আছে ‘গুলপীয়া দবা’…

ডিজিটেল ডেস্কঃ উত্তৰ-পূব তথা অসমৰ মহিলা ৰে'লযাত্ৰী সকলৰ বাবে আছে এক সুখবৰ। এতিয়াৰে পৰা ৰেলৰ জেনেৰেল দবাত মহিলাসকলে পূৰ্বৰ হাৰাশাস্তি ভুগিব লগা নহয়, কিয়নো উত্তৰ-পূব ৰে'লৱেই জেনেৰেল টিকট কটা মহিলা সকলৰ বাবে কৰিছে বিশেষ ব্যৱস্থা।

মহিলাসকলৰ সুবিধা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব ৰে'লৱেই জেনেৰেল টিকট কটা মহিলা যাত্ৰীৰ বাবে সুকীয়া দবাৰ ব্যৱস্থা কৰিছে। এই দবাত কেৱল মহিলাইহে যাত্ৰা কৰিব পাৰিব। অচিৰেই উত্তৰ পূব ৰেলৱেই আৰম্ভ কৰিব এই বিশেষ ব্যৱস্থাৰ।

প্ৰাপ্ত খবৰ অনুসৰি উত্তৰ পূব ৰে'লৱেই মহিলাৰ বাবে সংৰক্ষিত এই বিশেষ দবাটোৰ ৰং হব গুলপীয়া। উত্তৰ পূবৰ কেইবাখনো ৰেলত ইতিমধ্যেই এই বিশেষ দবাটোৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী আৰু ৰঙিয়াৰ পৰা মুকলচেলেঙভিমুখী ৰেল ২ খনৰ ২ টা দবাত গুলপীয়া ৰং সনা হৈছে, যাতে মহিলাসকলে এই বিশেষ দবাটো সহজে চিনাক্ত কৰিব পাৰে।