কোভিড-১৯ঃ দেশৰ ভিতৰতে সুৰক্ষিত এতিয়া উত্তৰ-পূৰ্বাঞ্চল, কিন্তু কেনেকৈ…

কোভিড-১৯ঃ দেশৰ ভিতৰতে সুৰক্ষিত এতিয়া উত্তৰ-পূৰ্বাঞ্চল, কিন্তু কেনেকৈ…

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ সুৰক্ষিত স্থান উত্তৰ-পূব। কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত সংশয়ৰ সৃষ্টি কৰিছে যদিও এই যুঁজত সফল হৈছে উত্তৰ-পূৰ্বাঞ্চল। ভাৰতৰ আন ৰাজ্যৰ তুলনাত উত্তৰ-পূববাসীয়ে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে দিয়া যুঁজে এতিয়া বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

উত্তৰ-পূবৰ ৮খন ৰাজ্যত এতিয়ালৈকে মাত্ৰ ৫২জন লোকহে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত অসমত ৩৬জন, মেঘালয়ত ১২জন, মণিপুৰত ২জন, ত্ৰিপুৰাত ২জন, অৰুণাচলত ১জন, মিজোৰামত ১জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল যদিও, অসমৰ ৩৬জন ৰোগীৰ ভিতৰত ২৭জনেই বৰ্তমান সুস্থ হৈছে।

উত্তৰ-পূৰ্বাঞ্চলত কোভিড-১৯ত মৃত্যু হৈছে দুজন ৰোগীৰ। তাৰে এজন অসমৰ, আনজন মেঘালয়ৰ। অসমত এতিয়া চিকিৎসাধীন হৈ আছে ৮জন কোৰোনাক্ৰান্ত ৰোগী। মেঘালয়ত অৱশ্যে এতিয়ালৈকে এজন ৰোগীও সুস্থ হোৱা নাই।

ইয়াৰ বিপৰীতে মণিপুৰত কোভিড-১৯ত আক্ৰান্ত হোৱা দুজন ৰোগীৰ ভিতৰত দুয়োজনেই সুস্থ হৈ উঠিছে। ত্ৰিপুৰাতো দুয়োজন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। অৰুণাচলৰ একমাত্ৰ ৰোগীজন সুস্থ হৈছে। মিজোৰামত আক্ৰান্ত হৈ আছে কোৰোনাক্ৰান্ত লোকজন। ছিকিম আৰু নগালেণ্ডত এই মুহূৰ্তলৈকে কোনো লোকেই কোভিড-১৯ত আক্ৰান্ত হোৱা নাই।

যি সময়ত ভাৰতবৰ্ষত ২৭ এপ্ৰিল, ২০২০ৰ নিশা ১১.৪০ বজালৈকে ২৯,৪৫১গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে মাত্ৰ ৭,১৩৪জন লোকহে সুস্থ হৈ উঠিছে। মৃত্যু হৈছে এই পৰ্যন্ত ৯৩৯জন লোকৰ। প্ৰতিখন ৰাজ্যতে কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতি মুহূৰ্তত। মহাৰাষ্ট্ৰত ৮,৫৯০জন লোক, গুজৰাটত ৩,৫৪৮জন লোক, দিল্লীত ৩,১০৮জন লোক কোৰোনাত আক্ৰান্ত হৈছে।

কেৰালাত ৪৮২জন, বিহাৰত ৩৪৪জন, পঞ্জাৱত ৩২০জন, হাৰিয়ানাত ৩০১জন, ওড়িশ্যাত ১১১জন, পশ্চিমবংগত ৬৪৯জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলত কোভিড-১৯ৰ বিৰুদ্ধে কেনেদৰে এই অঞ্চলবাসীয়ে জয়ী হৈছে তাক লৈ চলিছে আলোচনা।

বিশেষজ্ঞ সকলৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ জীৱন প্রণালী, জনগাঁঠনি, সামাজিক আচাৰ-ব্যৱহাৰ, জলবায়ু আদি আশীৰ্বাদ স্বৰূপ হৈছে এই সময়চোৱাত। ইয়াৰোপৰি এই ৮ ৰাজ্যই লকডাউনৰ নিয়মসমূহ অতি সুচাৰুৰূপে পালন কৰিছে।

স্থানীয় এন জি অ'সমূহেও এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে। লকডাউনৰ নীতি-নিয়ম মানি উত্তৰ-পূৰ্বাঞ্চলবাসী ঘৰৰ ভিতৰতে প্ৰায় আৱদ্ধ হৈ আছে। ৰাজহুৱা সমাগম, ধৰ্মীয় অনুষ্ঠান আদিৰ পৰা আঁতৰি থাকি সম্পূৰ্ণৰূপে সহযোগ কৰিছে চৰকাৰক।

আঠোখন ৰাজ্যই অতি কঠোৰভাৱে লকডাউনৰ নিয়ম পালন কৰিছে। ইয়াৰ উপৰিও, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সামাজিক আৰু জীৱন প্ৰণালী মন কৰিব লগা। চাফ-চিকুণতা, ঘৰৰ পৰিৱেশ আৰু বসবাস কৰা অঞ্চলসমূহৰ চৌপাশ চাফ-চিকুণকৈ ৰখাতো উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ কোৰোনা বিৰোধী যুঁজত জয় লাভ কৰা অন্যতম মুলমন্ত্ৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বাস কৰা লোকসকলে চৰকাৰৰ লকডাউন নিয়মক সহযোগ কৰাই নহয়, তেওঁলোকৰ সামাজিক আচাৰ-ৰীতি এতিয়া আনৰ বাবে আদৰ্শ হৈ পৰিছে। এই অঞ্চলবাসীৰ খাদ্যাভাসো কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত অন্যতম কাৰক হৈ পৰিছে।

বিশেষকৈ সেউজীয়া শাক-পাচলি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে খোৱা খাদ্যাভাসে কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ক'ব নোৱাৰাকৈ এক কাৰক হৈ পৰিছে। যি সময়ত একেখন দেশৰ আন ৰাজ্যত শ শ লোক কোভিড-১৯ত আক্ৰান্ত হৈছে, সেই সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে মাত্ৰ ৫২জন ৰোগী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ উপৰিও মাত্ৰ ২জনৰহে মৃত্যু ঘটিছে।

বহিঃৰাজ্যত কৰ্মৰত লোকসকল গৃহ ৰাজ্যলৈ উভতাৰ পাছত তেওঁলোকক হোম কোৱাৰেন্টাইন বা অসমৰ বাহিৰৰ ধৰ্মীয় অনুষ্ঠানলৈ যোৱা লোকসকলক সঠিকসময়ত চৰকাৰে কোৱাৰেন্টাইন কৰাৰ বাবেও অসমত কোভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণ হৈ পৰিছে।

এই মুহূৰ্তত অসমত দেশৰ ভিতৰত ০.০৪ শতাংশ, অৰুণাচলত ০ শতাংশ, নগালেণ্ডত ০ শতাংশ, মণিপুৰত ০ শতাংশ লোক কোভিড-১৯ত আক্ৰান্ত হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ভিতৰত ৫ ৰাজ্য এতিয়া কোৰোনামুক্ত ৰাজ্য। মাত্ৰ মিজোৰাম, মেঘালয় আৰু অসমত আছে কোভিড-১৯ৰ ৰোগী। ৩খন ৰাজ্যত এই মুহূৰ্তলৈকে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছেগৈ ২০জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in