/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
ডিজিটেল সংবাদ, অভয়াপুৰীঃ উত্তৰ শালমাৰা মহকুমাত লেহেমীয়া গতিত চলি আছে ভোট গণনা৷ শেহতীয়া তথ্য মতে ৫ জিলা পৰিষদ, ৩৭ আঞ্চলিক পঞ্চায়ত আৰু ৩৭ গাঁৱ পঞ্চায়তৰ এখনো আসনৰ ফলাফল দিব পৰা নাই৷ আনহাতে গাঁও পঞ্চায়ত সদস্যৰ ৩৬১ খন আসনৰ ৭৬খন আসনৰ ফলাফল আমাৰ হাতত আহি পৰিছে৷ ৭৬ খন গাঁও পঞ্চায়ত সদস্যৰ আসনৰ ভিতৰত বিজেপি ১৪খনত, অগপ ১৫খনত, কংগ্ৰেছ ২৭খনত, এ আই ইউ ডি এফ ১৫ খনত আৰু নিৰ্দলীয় ৫ খন আসনত জয়ী হৈছে৷