সীমান্তৰ শান্তি পুনৰুদ্ধাৰৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপলছ ফ’ৰামৰ

সীমান্তৰ শান্তি পুনৰুদ্ধাৰৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপলছ ফ’ৰামৰ

author-image
asomiyapratidin
New Update
সীমান্তৰ শান্তি পুনৰুদ্ধাৰৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান  নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপলছ ফ’ৰামৰ

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তৰ উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হ'ল নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপলছ ফ'ৰাম (এন ই আই পি এফ)। সোমবাৰে মিজোৰামৰ আৰক্ষীয়ে দুৰ্বৃত্তৰ সহযোগত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত ৬ জনকৈ আৰক্ষীসহ মুঠ ৭জন ব্যক্তিয়ে প্ৰাণ দিবলগীয়া হয়।ফলত উত্তপ্ত হৈ আছে অসম-মিজোৰাম সীমান্ত।

Advertisment

উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ উমৈহতীয়া মঞ্চ নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপলছ ফ'ৰামে অনুষ্ঠিত কৰা এখন অনলাইন বৈঠকত এই ঘটনাত প্ৰাণ দিয়া অসম আৰক্ষী জোৱান কেইজনৰ আত্মাৰ শান্তিৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক সীমান্ত অঞ্চলত শান্তি পুনৰুদ্ধাৰৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এন ই আই পি এফে উল্লেখ কৰিছে যে বিতৰ্কিত অঞ্চলসমূহত স্থিতি বজাই ৰখাৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ মাজত বিভিন্ন চুক্তি তৈয়াৰ কৰা হৈছিল। কিন্তু এই চুক্তিসমূহ বাৰে বাৰে উলংঘন কৰা হৈছে। যাৰ বাবে এই অঞ্চলবোৰত বাস কৰা লোকসকলৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে যথেষ্ট ক্ষতিও হৈছে।

ইয়াৰ উপৰিও তেওঁলোকে কৈছে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সীমান্ত সংঘৰ্ষ যথেষ্ট সময় ধৰি চলি আছে। এই সমস্যাৰ সমাধান নোহোৱাকৈ বাৰে বাৰে উত্তেজনা আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে যাৰ বাবে কেৱল বিতৰ্কিত সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ একাংশই জীৱন হেৰুৱাবলগীয়া হৈছে। এন ই আই পি এফে এই সমস্যাৰ সমাধানৰ বাবে গাঁৱৰ মূৰব্বী পৰ্যায়ত আলোচনাৰ জৰিয়তে দীৰ্ঘদিনীয়া এই সমস্যা সামাধানৰ লগতে উত্তেজনা সাম কটাই শান্তি বজাই ৰাখিবলৈও আহ্বান জনাইছে।

এন ই আই পি এফৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই প্ৰেৰণ কৰা এই প্ৰেছ বিজ্ঞপ্তিটোত এন ই আই পি এফে ৰাজ্যসমূহৰ সীমান্তৰ বহু এলেকা, বিশেষকৈ বিতৰ্কিত অঞ্চলবোৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ দ্বাৰা দখল কৰা হৈছে আৰু ই উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ বাবে ভাবুকি সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে। এন ই আই পি এফে এই খিলঞ্জীয়া লোকসকলকে ধৰি সকলো অংশীদাৰক একেলগে শান্তিপূৰ্ণভাৱে অস্তিত্বৰ বাবে যুঁজ দিবলৈ আহ্বান জনাইছে।