প্ৰথম পুৰস্কাৰ ৪০হাজাৰঃ নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপ’লছ ফৰামৰ ৰচনা লিখা প্ৰতিযোগিতা...

প্ৰথম পুৰস্কাৰ ৪০হাজাৰঃ নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপ’লছ ফৰামৰ ৰচনা লিখা প্ৰতিযোগিতা...

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বৰ অগ্ৰণী সংস্থা নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপ’লছ ফৰাম চমুকৈ NEIPFএ আয়োজন কৰিছে এখনি ৰচনা লিখা প্ৰতিযোগিতা। নৱপ্ৰজন্মৰ মাজত উত্তৰ পূৰ্বৰ কৃষ্টি-সংস্কৃতি, জনগোষ্ঠীসমূহৰ বিষয়ে অধিক প্ৰসাৰ আৰু পুংখানুপুংখভাৱে জানিব পৰাকৈ আয়োজন কৰা এই ৰচনা প্ৰতিযোগিতাখনিৰ অন্তিম সময়সীমা ২০মে’ ২০২৪। প্ৰতিযোগিতাখনিৰ বিষয় হৈছে- "The Role of Youth in Preserving and Promoting the Indigenous and Native Socio-Cultural Traditions Amidst the Modern World.

প্ৰতিযোগিতাখনিত ১৫বছৰ বয়সৰ পৰা ২৪বছৰ বয়সৰ লৈকে অংশগ্ৰহণ কৰিব। ইংৰাজী ভাষাত ১৩০০ৰ পৰা ১৫০০ শব্দৰ ভিতৰত লিখিব লাগিব এই ৰচনাখন। ৰচনাখনৰ সৈতে প্ৰতিযোগীসকলে এখন ফটো, আধাৰ কাৰ্ড নাইবা জন্মৰ প্ৰমাণ পত্ৰ গাথিঁ দিব লাগিব।  প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ ৪০হাজাৰ, দ্বিতীয় পুৰস্কাৰ ৩০হাজাৰ আৰু তৃতীয় পুৰস্কাৰ ২০হাজাৰ টকা। ইয়াৰ উপৰিও ১১গৰাকী প্ৰতিযোগীক ৫০০০হাজাৰ টকাকৈ পুৰস্কিত কৰা হব। স্থান লাভ কৰা সকলো প্ৰতিযোগীক মাত্ৰপত্ৰ আৰু ট্ৰফীৰে সন্মানিত কৰা হব বুলিও ফৰামৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে।

পুৰস্কাৰ বিতৰণী অনুষ্ঠানত ২০২৪ৰ ৯আগষ্টত ‘ৱল্ড ইণ্ডিজেনাছ ডে’ত প্ৰদান কৰা হব। প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত যিকোনো তথ্যৰ বাবে 89740-05932 নম্বৰত যোগাযোগৰ দিহা কৰিছে ফৰামে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in