ভিয়েটনামত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আয়োজন

ভিয়েটনামত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আয়োজন

ডিজিটেল ডেস্কঃ দক্ষিণ পূব এছিয়াৰ লগত অসম তথা উত্তৰ পূবৰ সম্বন্ধ ঐতিহাসিক। দক্ষিণ পূব এছিয়াৰ বৃহৎ বজাৰ সংলগ্নকৰণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ বাবে বিভিন্ন আন্তঃগাঁথনিক প্ৰকল্পৰ কাম হৈ আছে। দিল্লীত বিশিষ্ট উদ্যোগী শ্যামকানু মহন্তৰ নেতৃত্বত বহু বছৰ সফলতাৰে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ পাছত ২০১৯ আৰু ২০২২ বৰ্ষত বেংককত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কৰা হৈছিল।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত বহুখিনি ইতিবাচক পৰিৱৰ্তন আহিছে। গুৱাহাটী-বেংকক বিমান পৰিবহন আৰম্ভ হৈছে বা শৈক্ষিক বিনিময় তথা টাই সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধিকে ধৰি বিভিন্ন কাম আগবাঢ়িছে। ভাৰত-থাইলেণ্ড চৰকাৰে যৌথ বিবৃত্তিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক দুয়োখন দেশৰ মাজৰ এক উল্লেখযোগ্য মুহূর্ত বুলি উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বেংককৰ টাউন হলৰ তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে বেংককত উত্তৰ পূব ভাৰতৰ প্ৰতি আন্তৰিকতা আৰু উৎসুকতা বৃদ্ধি কৰিছে। যদিহে ভাৰত, ম্যানমাৰ আৰু থাইলেণ্ড সংলগ্ন ট্রাইলেটাৰেল হাইৱেৰ আৰম্ভণি হয় তেন্তে উত্তৰ পূব আৰু থাইলেণ্ডৰ মাজত বিৰামহীন সংযোগ নিশ্চিত| ইয়াৰ দ্বাৰা সমগ্ৰ অঞ্চলটোতে ব্যৱসায়, পর্যটন বৃদ্ধি হোৱাৰ উপৰিও পৰম্পৰালৈ এক নতুন শক্তিৰে বলীয়ান হ'ব বুলিও তেখেতে উল্লেখ কৰিছিল।

এক্ট ইষ্ট পলিচীৰ সামগ্রিক চিন্তাক আগবঢ়াই নিবলৈ অহা ২৭,২৮ আৰু ২৯ অক্টোবৰত ভিয়েটনামৰ হো চি মিন চহৰৰ ছেপ্তেম্বৰ টুৱেন্টি থার্ড পার্কত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰা হৈছে। হো চি মিনত থকা ভাৰতীয় দূতাবাসৰ নেতৃত্বত হ'বলগীয়া অনুষ্ঠানটোত পৰৰাষ্ট্ৰ মন্ত্ৰালয়, ড'নাৰ মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়ে সহযোগিতা আগবঢ়াইছে।

এই সমগ্ৰ প্ৰকল্পটোৰ বাস্তৱ ৰূপ দিব শ্যামকানু মহন্তৰ নেতৃত্বত টেণ্ড্র এম এম এছ গ্রুপে অনুষ্ঠানটোৰ মূল লক্ষ্য ব্যৱসায়-বাণিজ্য-পৰ্যটনৰ প্ৰসাৰ তথা সাংস্কৃতিক আদান প্রদান] নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূবৰ প্ৰায় ৪০০ জন ব্যক্তি, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, কেন্দ্রীয় মন্ত্রী তথা উচ্চপদস্থ বিষয়াসকল, সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট উদ্যোগীসকলে অংশ ল'ব। ২৭ অক্টোবৰৰ সন্ধিয়া হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পৰা যোৱা প্ৰতিনিধিৰ দলে ভিয়েটনামৰ ৰাজনৈতিক নেতৃত্ব তথা উদ্যোগপতিসকলৰ সৈতে আলোচনাত ভাগ ল'ব।

অনুষ্ঠানৰ গুৰি ধৰিব ভিয়েটনামৰ হো চি মিনৰ ভাৰতীয় দূতাবাসৰ কনচল জেনেৰেল মদন মোহন শেঠীয়ে। ট্যুৰ অপাৰেটৰ, হোটেল ব্যৱসায়ী, উত্তৰ পূবৰ পৰ্যটন বিভাগৰ বিশেষজ্ঞৰ সৈতে ভিয়েটনামৰ বিশেষজ্ঞসকলৰ পৰ্যটন সম্বন্ধত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বি টু বি মীটৰ অধ্যক্ষতা কৰিব উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব আই এ এছ শ্ৰী চঞ্চল কুমাৰে। ভিয়েটনাম চেম্বাৰ অৱ কমাৰ্চৰ বিভিন্ন ট্ৰেডাৰ্ছসকলৰ লগত হ'বলগীয়া ক্রেতা বিক্রেতা সন্মিলনখনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি উদ্যমীসকলে অংশ ল'ব। পিপুল টু পিপুল এক্সেঞ্জ মীটত উত্তৰ পূবৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে ভিয়েটনামত থকা শৈক্ষিক পৰামৰ্শদাতা আৰু পণ্ডিতসকলৰ সৈতে শিক্ষাৰ প্ৰসাৰৰ বাবে আলোচনাত অংশ ল'ব।

বেংককত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ পাছত বহু ছাত্ৰ অধ্যয়নৰ বাবে উত্তৰ পূবৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ অহাতো দুয়োটা অঞ্চলৰ বাবে শুভ লক্ষণ। ভৱিষ্যতে ভিয়েটনামৰ পৰাও এনেদৰে ছাত্ৰ- ছাত্ৰীৰ আগমণ ঘটিব বুলি আশা কৰা হৈছে।

'ইনক্রেডিবল ইণ্ডিয়া' শীর্ষক বৃহৎ প্ৰদৰ্শনীত ভাৰতৰ পৰ্যটন, হস্তশিল্পৰ লগতে উত্তৰ পূবৰ ৮ খন ৰাজ্যৰ বিভিন্ন উৎকৃষ্ট সামগ্রী যেনে চাহ, বিভিন্ন উদ্যোগ, খাদ্য ইত্যাদিৰ প্ৰদৰ্শনী হ'ব। দুয়োখন দেশৰ মাজৰ সাংস্কৃতিক বিনিময় অনুষ্ঠানত অসমৰ বিহু নৃত্য, বড়োসকলৰ বাগৰুম্বা, কাৰ্বি নৃত্য, টিৱা নৃত্য, মেঘালয়ৰ ৱাংগালা নৃত্য, মণিপুৰৰ সমৰকলা ইত্যাদি বিভিন্ন সাংস্কৃতিক বৈভৱ প্ৰদৰ্শন হ'ব। ভিয়েটনামৰ বিভিন্ন প্ৰদেশৰ পৰা অহা দলে শ্রেষ্ঠতম নৃত্যসমূহ প্ৰদৰ্শন কৰিব।

ৰাতিৰ অনুষ্ঠানত উত্তৰ পূবৰ বহুকেইটা জনপ্ৰিয় বেগু সংগীতৰ প্ৰদৰ্শনৰ লগত থাকিব ভিয়েটনামৰ বহুকেইটা প্ৰসিদ্ধ বেণ্ড। দুয়োটা সন্ধিয়াতে আয়োজন কৰা আকৰ্ষণীয় ফেশ্বন শ্ব'ৰ বৈশিষ্ট্য এয়াই যে ইয়াৰ ডিজাইনাৰসকল উত্তৰ পূবৰ কিন্তু মডেলসকল ভিয়েটনামৰ|

অসমৰ সংঘমিত্ৰা বিজু ফুকন, উৰা মাকোৰ মঞ্জুশ্ৰী শ‍ইকীয়া, বিদ্যুৎ-বিকাশ, অৰুণাচলৰ য়ানা নবা, নাগালেণ্ডৰ বাম্বী কেভিচুছা, মেঘালয়ৰ ইবা মালাই ইত্যাদি ডিজাইনাৰসকলে ফেশ্বন শ্ব'ত অংশ ল'ব।

অনুষ্ঠানটোৰ সামগ্ৰিক পৰিকল্পনা আৰু ইয়াক বাস্তৱৰ দিশে আগবঢ়াই নিয়া ব্যক্তিজন শ্যামকানু মহন্ত। তেখেতে কয় যে- " নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজনৰ ক্ষেত্ৰত উত্তৰ পূবৰ বিভিন্ন ৰাজ্যসমূহৰ অভাৱনীয় সঁহাৰি পোৱা গৈছে। পর্যটন-ব্যৱসায়ৰ ক্ষেত্ৰত ভিয়েটনামৰ উদ্যমী-বিক্রেতা-ব্যৱসায়ীৰ লগত অসম তথা উত্তৰ পূবৰ উদ্যমী-বিক্রেতা-ব্যৱসায়ীৰ আলোচনাই ভৱিষ্যতে উদ্যোগ-ব্যৱসায়-পৰ্যটনৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰিব বুলি আমি আশাবাদী।

ভিয়েটনামত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আয়োজন
প্ৰেম এতিয়া বিপ্লৱ!

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in