উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কংগ্ৰেছ নেতৃত্বই সাক্ষাৎ কৰিলে ছোনীয়া গান্ধীক

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কংগ্ৰেছ নেতৃত্বই সাক্ষাৎ কৰিলে ছোনীয়া গান্ধীক

author-image
asomiyapratidin
New Update
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কংগ্ৰেছ নেতৃত্বই সাক্ষাৎ কৰিলে ছোনীয়া গান্ধীক

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কংগ্ৰেছ দলৰ সভাপতি তথা বিধায়িনী দলৰ নেতা সকলৰ এটা সজাতি দলে কংগ্ৰেছ অধ্য ছোনীয়া গান্ধীক সাক্ষাৎ কৰে। দলটোৱে কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে এখন বৈঠকতো অংশগ্ৰহণ কৰে। এই বিশেষ বৈঠকখনত উপস্থিত থাকে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে এন্তনী, জ্যেষ্ঠ কংগ্ৰেছ নেতা আহমেদ পেটেল, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ সম্পাদক ফেলেৰিঅ'।

বৈঠকখনত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। ছোনীয়া গান্ধীক এখন ফুলাম গামোচাৰে প্ৰতিনিধি দলটোৱে সম্বৰ্ধনা জনোৱা বৈঠকখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নাগৰিকত্ব সংশোধনী বিধেয়ক, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিশেষ মৰ্য্যদা কৰ্তন আৰু নগা শান্তি চুক্তিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

উল্লেখ্য যে, এই সাক্ষাৎকালত কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাও উপস্থিত থাকে।