/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/e18db130-2538-45a1-8492-da358f51ba99.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২০ বছৰৰ ধাৰাবাহিকতা অটুট ৰখা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত উত্তৰ-পূব গ্ৰন্থমেলাখনি ১ নবেম্বৰৰ পৰা অনুষ্ঠিত হ'ব । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে ২১ সংখ্যক এই উত্তৰ-পূব গ্ৰন্থমেলাখনি বিশিষ্ট শিক্ষাবিদ তথা ভাষাবিদ টাবুৰাম টাইডৰ স্মৃতিত অনুষ্ঠিত হ'ব বুলি জনায়।
তদুপৰি সাধাৰণ সম্পাদক গোস্বামীয়ে বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক জি এল আগৰৱালা আৰু বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ সোৱঁৰণত গ্ৰন্থমেলাৰ মূল মঞ্চখনি উৎসৰ্গিত কৰা হ'ব বুলি লগতে প্ৰকাশ কৰে। আনহাতে, এইবাৰৰ গ্ৰন্থমেলাতো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা থকাৰ উপৰিও আলোচনা চক্ৰ, অন্তৰংগ আলাপকে ধৰি বিভিন্ন ধৰণৰ সাহিত্যৰ অনুষ্ঠান গ্ৰন্থমেলাত বিগত বছৰৰ দৰে অনুষ্ঠিত হ'ব।
ইফালে গ্ৰন্থমেলাত গ্ৰন্থ বিপনীসমূহৰ অংশগ্ৰহণ কৰাৰ বাবে অন্তিম তাৰিখ কৰিছে ১৫ অক্টোবৰ। ২৩ অক্টোবৰত গ্ৰন্থ বিপনীৰ স্থান আবন্টন লটাৰী যোগে আয়োজক কমিটিয়ে কৰিব বুলি সাধাৰণ সম্পাদক গোস্বামীয়ে মন্তব্য কৰে। সংবাদমেলত পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীকে ধৰি সভাপতি ইমৰাণ আহমেদৰ উপস্থিত থাকে।
উল্লেখ্য যে, পঢ়ুৱৈ তথা গ্ৰন্থপ্ৰেমীৰ আকৰ্ষণৰ বাবে লক্ষ্য ৰাখি বিশেষ পুৰস্কাৰ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে ১০,০০০ টকাৰ অধিক গ্ৰন্থ ক্ৰয় কৰা ব্যক্তিক সম্বৰ্ধনা জনাব বুলি একেলগে ধীৰাজ গোস্বামীয়ে উল্লেখ কৰে।