ছ’চিয়েল মিডিয়া যোগে বিৰোধিতা কৰিলেই নহ’ব সন্মিলিত প্ৰচেষ্টাৰে ড্ৰাগছৰ বিৰুদ্ধে চলাব লাগিব অভিযান…

ছ’চিয়েল মিডিয়া যোগে বিৰোধিতা কৰিলেই নহ’ব সন্মিলিত প্ৰচেষ্টাৰে ড্ৰাগছৰ বিৰুদ্ধে চলাব লাগিব অভিযান…

author-image
asomiyapratidin
New Update
ছ’চিয়েল মিডিয়া যোগে বিৰোধিতা কৰিলেই নহ’ব সন্মিলিত প্ৰচেষ্টাৰে ড্ৰাগছৰ বিৰুদ্ধে চলাব লাগিব অভিযান…

ডিজিটেল সংবাদ নগাঁও: দেশৰ পৰা ড্ৰাগছ সেৱন নিৰ্মূল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে 'নিচামুক্ত ভাৰত অভিযান' আৰম্ভ কৰিছে। এনে কাৰ্যসূচীক অনুকৰণ কৰি নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত 'নিচামুক্ত অভিযান সহায়ক কেন্দ্ৰ'ৰ উদ্যোগত বৃহস্পতিবাৰে এলফিনিষ্টন বিবাহ ভৱনত এখনি কৰ্মশালা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। ছিৰাজ উদ্দিন আহমেদে সঞ্চালনা কৰা কৰ্মশালাত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ই অংশ গ্ৰহণ কৰি কয়, 'ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। আমি অকল ছ'চিয়েল মিডিয়া বা আন কোনো মাধ্যমৰ জৰিয়তে ইয়াৰ বিৰোধিতা কৰি ক্ষান্ত থাকিলেই নহ'ব, সকলো ৰাইজে হাতে কামে কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ড্ৰাগছক সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবলৈ হ'লে ৰাইজ সদায়েই সজাগ থাকিব লাগিব বুলিও আহ্বান জনায়।

Advertisment

আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, বিশেষকৈ নৱ প্ৰজন্মক আমি ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে বুজাই দিব লাগিব। অনুষ্ঠানত বিশিষ্ট মানসিক আৰু স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ জিয়াউদ্দিন আহমেদে উপস্থিত থাকি কয় কয়, ' ড্ৰাগছ সেৱন এটা কু-অভ্যাস। এনে অভ্যাসে বহু লোকৰ জীৱন ধ্বংস কৰিছে। সেয়ে সমাজৰ পৰা এই ব্যাধি আতৰাই এক সুস্থ সবল সমাজ গঢ় দিব লাগিব বুলি চিকিৎসক গৰাকীয়ে মন্তব্য কৰে।

উক্ত অনুষ্ঠানতে ড্ৰাগছ সম্পৰ্কে তিনিটাকৈ হেল্প লাইন নম্বৰ মুকলি কৰা হয়। নম্বৰ কেইটা হৈছে- ৯৩৯৫২৯২৬৯২,৭০০২৪২৪৯৪০ আৰু ৭০০২৪১০৮০০। অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া প্ৰমীলা কন্দলী ,অধিবক্তা ক্ৰমে চেহনাজ চুলতানা, চাহিন খানম, অৱসৰপ্ৰাপ্ত কৰ বিষয়া আব্দুল মজিদ ফাৰুকী, জিলা প্ৰাথমিক শিক্ষা বিষয়া লবজা জাৰামোচা উপস্থিত থাকে ৷

সভাত নগাঁও সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰা, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰঙ্গ পাটোৱাৰী, ইটাচালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ সিংহ, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন নাথ, ডাঃ জিয়াউদ্দিন আহমেদক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে নিচামুক্ত অভিযান সহায়ক কেন্দ্ৰৰ জৰিয়তে বৰ্তমানলৈকে ২৩৪ জন ড্ৰাগছ আসক্ত লোকক উদ্ধাৰ কৰাৰ লগতে ১৭৩ জন লোকক ড্ৰাগছ আসক্ত তেনে লোকক চিকিৎসা কৰি আৰোগ্য কৰা হৈছে ৷