/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/81f38aea-1c64-4e96-ac84-c1a7f5f9f857.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ সমাগত পোহৰৰ উৎসৱ দিপাৱলী। আৰু কিছু ঘন্টা পিছতে পোহৰেৰে উদ্ভাষিত হৈ উঠিব সমগ্ৰ বিশ্ব। তাৰ মাজতে ফটকা আৰু আতচবাজীৰ কাণতাল মৰা শব্দ। তাৰ পিছতে বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ। সমগ্ৰ বিশ্ব আধুনিকতাৰ প্ৰতি যিমানেই অগ্ৰসৰ হৈছে সিমানেই বৃদ্ধি পাইছে বায়ু, শব্দ প্ৰদূষণৰ মাত্ৰাও। যাৰ ফলত ক্ৰমাৎ কষ্টকৰ হৈ পৰিছে স্বাভাৱিক জীৱন ধাৰণ।
এনে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিগত কিছুবছৰ ধৰি দীপাৱলীৰ সময়ত ফটকা আৰু আতচবাজী প্ৰত্যাহাৰ কৰিবলৈ প্ৰশাসন আৰু সচেতন মহলৰ দ্বাৰা আহ্বান জনাই অহা পৰিলক্ষিত হৈছে। কিন্তু তাৰ পিছতো হ্ৰাস পোৱা নাই আতচবাজীৰ দীপাৱলী। যাৰ প্ৰৰিপ্ৰেক্ষতত এইবাৰ 'প্ৰদূষণমুক্ত দেৱালীঃ এয়ে আমাৰ ভৱিষ্যৎ' শীৰ্ষক শ্ল'গানেৰে এক বৃহৎ মানৱ শৃংখল গঢ়ি সেউজ দেৱালী উদযাপনৰ বাবে সচেতনতা সৃষ্টিৰ এক ব্যতিক্ৰমধৰ্মী প্ৰয়াস কৰিছে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে।
সোমবাৰে পুৱা চাৰে দহ বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে এই মানৱ শৃংখলত অংশগ্ৰহণ কৰে। কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদককে ধৰি এন এছ এছৰ সদস্যসকল, এন চি চিৰ সদস্যসকলে ভাগ লোৱা এই মানৱ শৃংখলত বেলুন ফুটাই ফটকাৰ দৰে শব্দৰ সৃষ্টি কৰি সেউজ ফটকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/0e089cd6-448c-4a2b-82e3-a20f67e236a7.jpg)
ইয়াৰ উপৰিও দেৱালীৰ প্ৰাক্ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলে মিঠাই বিতৰণ কৰি ইজনে সিজনক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰয়াসক আদৰণি জনায়। ছাত্ৰ একতা সভাৰ সভাপতি আয়াশ আহমেদ আৰু সাধাৰণ সম্পাদক কীৰ্তিকমল বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সচেতনতাৰ সৃষ্টি হ'লে ভৱিষ্যতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ বুলি অভিহিত হ'ব।
এন এছ এছৰ তত্ত্বাৱধায়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই মানৱ শৃংখলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে নগাঁও কলেজৰ চৌহদ ইতিমধ্যে আতচবাজী আৰু প্লাষ্টিকমুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু কলেজৰ এন এছ এছ গোটৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাবে প্ৰতি বছৰে জীৱকুল আৰু মানৱ দেহৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত বিভিন্ন প্ৰদূষিত আতচবাজীৰ বিৰুদ্ধে সজাগতাৰ উদ্দেশ্যে মানৱ শৃংখল গঢ়ি আহিছে।
কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ চিন্তামণি শৰ্মাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে উচ্চ প্ৰাবল্যৰ আতচবাজীয়ে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ লগতে মানৱ জাতি আৰু সমগ্ৰ পক্ষীকুলৰ বাবে ভয়াৱহতাৰ সৃষ্টি কৰিছে। নগাঁও কলেজৰ পৰিবেশ ৰক্ষাৰ এনে ব্যতিক্ৰমী কাৰ্যসূচীক নগাঁও জিলাৰ বৌদ্ধিক মহলে উস্ম আদৰণি জনোৱাৰ লগতে সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মতপোষণ কৰিছে।