ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থানৰ নাতিদূৰত অৱস্থিত দুদৰ্শাগ্ৰস্ত এখনি সত্ৰ হ'ল কোৱাইকটা সত্র। গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই গুৰুভীঠা বটদ্ৰৱা থান পুনৰউদ্ধাৰ কৰিবলৈ আহোতে বৰ্তমান কোৱাইকটা (তেতিয়াৰ নাম আছিল কোব কটা) অঞ্চলৰ মাজেৰে অতব্য হাবি জংঘল কাটি বাট উলিয়াই গৈ ১৬৫৬ খ্ৰীষ্টাব্দত বটদ্ৰৱা থান পুনৰউদ্ধাৰ কৰিছিল আৰু কোৱাই কটা (কৈৱৰ্ত গাঁও) গাঁৱৰ নামঘৰৰ গুৰু আসনত বিগ্ৰহ স্থাপন কৰি সত্র পাতিছিল।
তেতিয়াৰে পৰাই কোৱাইকটা সত্রখনি স্থানীয় কৈৱৰ্ত গাঁওখনৰ ৰাইজে অতি আগ্ৰহেৰে, ভক্তিভাৱেৰে প্ৰতিপালন কৰি আহিছে বৰ্তমান পৰ্য্যন্ত। ইতিহাস অনুসৰি গুৰজনাৰ ধৰ্ম দৰ্শনৰ অনুৰাগী বৈষ্ণৱ যুগৰ মহিয়সী নাৰী সতীৰাধিকাৰ জন্ম হৈছিল কোবাইকটাৰ নলচা গাঁৱত। নগাওঁ জিলাৰ অন্যান্য সত্র সমূহৰ দৰে এতিয়াও এই দুদৰ্শগ্ৰস্ত সত্রখনি বিভিন্ন কাৰনত উন্নয়ন হোৱা নাই যদিও পূৰ্বৰ ঐতিহ্য আৰু পৰম্পৰা মতেই ভূমিপুত্র কৈৱৰ্ত সম্প্ৰদায়ৰ ৰাইজৰ দ্বাৰাই সত্রভাগ পৰিচালিত হৈ আহিছে।
অসম আন্দোলনৰ সময়ছোৱাত ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত একাংশ দুস্কৃতিকাৰী পূৰ্ব বংগদেশীয় মূলৰ লোকৰ অত্যাচাৰ উৎপীড়নৰ বলি হৈ ভূমিপুত্র কৈৱৰ্ত সম্প্ৰদায়ৰ ৰাইজ কোবাইকটা আৰু নলচা গাওঁ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। কিছুবছৰ অনাদৃত উপেক্ষিত হৈ থকাৰ পিছত তদানীন্তন অগপ চৰকাৰৰ দ্বিতীয়টো আমোলত প্ৰয়াত কৰ্মপ্ৰাণ মন্ত্ৰী দীগেন বৰাই কোবাইকটা পুনৰ উদ্ধাৰ কৰিছিল, মণিকূট প্ৰতিষ্ঠাৰে সত্ৰখনক নতুন ৰূপত উজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল।
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত স্থানীয় ঘনয্যাম শইকীয়া নামৰ ব্যক্তিজনাৰ পৰিয়ালটোৱে বহু দুৰ্দশা ভোগ কৰিও সত্ৰৰ অক্ষয় বন্তিগছি জ্বলাই সত্ৰখন ৰক্ষা কৰিছিল। প্ৰকাশ থাকে যে বিভিন্ন সময়ত চৰকাৰী বা বেচৰকাৰী ব্যক্তি, দল সংগঠন আহি গবেষনাধৰ্মী বহু তথ্য সংগ্ৰহ কৰি এই সত্র খনিৰ পৰা নিয়ে যদিও আজি পৰ্যন্ত চকুত লগাকৈ পৰ্যটকৰ আকৰ্ষন হোৱাকৈ সত্রখনিৰ একো উন্নয়ন হোৱা নাই।
দুখৰ কথা এই যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৬ জানুৱাৰীত কোবাইকটা সত্ৰ ভ্ৰমন কৰি অসম চৰকাৰে সত্র সমূহৰ উন্নয়নৰ ক্ষেত্রত লোৱা পদক্ষেপত দুদৰ্শাগ্ৰস্ত সত্রখনিয়েও কিছু প্ৰাণ পোৱাৰ আশা দেখা গৈছিল যদিও বৰ্তমান সত্ৰ পৰিচালনা সমিতিৰ কেইগৰাকীমান ব্যক্তিৰ একনায়কত্ববাদী কামকাজৰ বাবে সেইয়া সম্ভৱ হৈ উঠাগৈ নাই বুলি বৃহস্পতিবাৰে স্থানীয় ৰাইজে মতপ্ৰকাশ কৰিছে।
সত্ৰখনিত একনায়কত্ববাদ চলোৱা পৰিচালনা সমিতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাইজ জাঙুৰ খাই উঠে। নীতি বিৰুদ্ধভাৱে অন্যায়ৰ আশ্ৰয় লৈ কেইজনমান লোকে খেয়াল খুচিমতে পৰিচালনা সমিতি খনক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলি নগাাঁও জিলাৰ উপায়ুক্তৰ অনুমতি সাপেক্ষে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা ঐতিহাসিক শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ পৌৰহিত্যত সত্ৰৰ ভকত বৈষ্ণৱ সকলে বৃহস্পতিবাৰে এখন সভা অনুষ্ঠিত কৰে।
অসম চৰকাৰে কোৱাইকটা সত্ৰ উন্নয়ণৰ বাবে পদক্ষেপ গ্ৰহন কৰাৰ সময়তে একাংশ লোকে সত্রখনিৰ ঐতিহ্য আৰু পৰম্পৰাত ব্যাঘাট জন্মোৱাৰ লগতে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক দীৰ্ঘদিনীয়া বান্ধোনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰা বুলি সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰে সত্ৰৰ ভকত বৈষ্ণৱ সকলে। শ্ৰীশ্ৰী কোৱাইকটা সত্রৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনে ভকত বৈষ্ণৱ আৰু সত্ৰাধিকাৰ প্ৰভূৱে।
সত্রখনিৰ পৰিচালনা সমিতিৰ সভাপতি যামিনি দাসৰ বিৰুদ্ধে সত্রখনিৰ লগত নিবিৰভাৱে জড়িত বহু সংখ্যক ৰাইজৰ উপস্থিত থাকি সংবাদ মাধ্যমৰ জৰিয়তে সকিয়াই দি কয় যে, ইতিহাস আৰু জনশ্ৰুতিক বিকৃত নকৰি কোৱাইকটা সত্রৰ ঐতিহ্যত ব্যাঘাট জনোৱা কাম যাতে পৰবৰ্তী সময়ত নকৰে অন্যথা তেওঁক ক্ষমা কৰা নহ'ব বুলি সভাত সকিয়াই দিয়ে।
সভাত পূৰ্বৰ পৰিচালনা সমিতিখন অবৈধ ঘোষণা কৰি নগাওঁ জিলাৰ উপায়ুক্তৰ নিৰ্দেশনা ৰক্ষা কৰি নতুন সমিতি এখন গঠন কৰা হয়। সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, অনন্ত কুমাৰ দাস, হৰেণ চন্দ্ৰ দাস, তিথিৰাম দাস, পোৱালি হাজী চাহাব, চামচুদ্দিন আহমেদ, অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, চম্পেশ্বৰ বৰদলৈক উপদেষ্টা, শঙ্কৰ দাসক সভাপতি , কৃষ্ণকান্ত শইকীয়াক উপ-সভাপতি, গোপাল দাসক সম্পাদক, অমৃত দাসক সহকাৰী সম্পাদক, চন্দ্ৰ দাস, জিতেন দাস, পংকজ দাস, মোহন দাস, সূৰ্য দাস, বসন্ত দাস, বনমালী দাস, টুটু দাস, মৃদুল দাস, পোনা দাস, কাদিৰ আলী, মজিবুৰ ৰহমান, বাসন্তী দাস, মৰমী দাস, এলাগী দাস, তুলুমাই দাস আৰু ফৰিদা বেগমক সদস্য হিচাপে লৈ শক্তিশালী ৰূপত নতুনকৈ পৰিচালনা সমিতিখন গঠিত হয়।
সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোবাইকটা সত্ৰ দৰ্শন কৰি সত্ৰখনিৰ উন্নয়ণ কল্পে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাক ধন্যবাদ জনায় কয় যে- দুদৰ্শাগ্ৰস্ত এই ঐতিহ্য ক্ষেত্রখনি উন্নয়ন আৰু সংবৰ্ধনৰ ক্ষেত্রত চৰকাৰে দৃষ্টি দি দুষ্ট চক্ৰক উচিত তদন্তৰ জৰিয়তে উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনাই।