দক্ষিণপাতৰ বুঢ়া গোঁসাই থানত ভাৰতীয় জনতা যুৱ-মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পূৰ্ণ…

দক্ষিণপাতৰ বুঢ়া গোঁসাই থানত ভাৰতীয় জনতা যুৱ-মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পূৰ্ণ…

author-image
asomiyapratidin
New Update
দক্ষিণপাতৰ বুঢ়া গোঁসাই থানত ভাৰতীয় জনতা যুৱ-মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পূৰ্ণ…

ডিজিটেল সংবাদ বেবেজীয়াঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা বৃহস্পতিবাৰে জিলাখনৰ তুলসী দেউৰী পঞ্চায়তৰ এলেকাধীন ঐতিহ্যমণ্ডিত বুঢ়া গোসাঁই থানৰ প্ৰেক্ষাগৃহত অনুস্থিত হয়। উক্ত সভাত নগাঁও জিলা যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলৰ লগতে জিলাখনৰ ১২ টা মণ্ডলৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহন কৰে। জিলা যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত কেইবাজনো বিশিষ্ট বক্তাই ভাষন প্ৰদান কৰি যুৱ শক্তি অবিহনে এখন সুস্থ সমাজ গঢ়ি উঠিব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে যুৱ প্ৰজন্মক শিল্প,সাহিত্য সংস্কৃতি আদি দিশত অগ্ৰসৰ হৈ ভাৰতীয় সংস্কৃতিৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াই ভাৰতীয় সমাজক অধিক শক্তিশালী ৰূপে বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ আহ্বান জনায়।

উক্ত সভাত যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা নগাঁও জিলাৰ প্ৰভাৰী নয়ন জ্যোতি হাজৰিকা, বিজেপি জিলা সম্পাদক তথা যুৱ মৰ্চাৰ প্ৰভাৰী নৱ জ্যোতি বৰুৱা, উপ- সভাপতিদ্বয় সুভাষ দত্ত, সুবৰ্ণ সিং , বিজেপিৰ ৰাজ্যিক ক্ৰীড়া কোষৰ তপন দাস আৰু সত্যজিত বৰা উপস্থিত থাকে। সভাখন সাফল্যমণ্ডিত কৰাত সহায় কৰাৰ বাবে যুৱ মৰ্চাৰ সভাপতি সুন্দৰ শৰ্মাই অতিথিবৃন্দক আৰু জিলা যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ অনাগত দিনতো নগাঁও জিলা যুৱ মৰ্চাই মৰ্চাৰ নীতি আদৰ্শ পালন কৰি নগাঁও জিলা যুৱ মৰ্চাক আগবাঢ়ি যোৱাত সহায় কৰিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনায়।