ডিজিটেল সংবাদ নগাঁও: "নগাঁৱৰ নামটো মনলৈ আহিলে মনটো পবিত্ৰতাৰে উপচি পৰে । বুকুত সাহস ভৰি পৰে ৷ আপোন মাতৃৰ চকুপানী মচিবলৈ , বিদ্বান তথা সংস্কৃতিবান হৈ যুঁজিবলৈ নতুনকৈ সাহস দিয়ে । নগাঁৱৰ বায়ু ,মাটি ,বহু আখ্যান-উপন্যাস বুৰঞ্জীৰে সমৃদ্ধ ।" এই মন্তব্য অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ । নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিত বুধবাৰৰ পৰা আৰম্ভ হোৱা অসম নাট্য সন্মিলনৰ ৬০ সংখ্যক অধিবেশনৰ বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন কৰি দিয়া ভাষনত সভাপতি দাসে লগতে কয় যে, নাট্য ইতিহাসত অসমৰ স্থান একক আৰু অনন্য ।
তেওঁ কয়, ৫৫০ বছৰৰ পূৰ্বে অসমত প্ৰচেনিয়াম থিয়েটাৰৰ প্ৰচলন হৈছিল । এক প্ৰনালী বদ্ধ আৰু প্ৰশিক্ষণ ভিত্তিক এনে নাট্য চৰ্চা তাহানি গুৰুজনাই এই নগাঁৱৰ পবিত্ৰ ভূমি বৰদোৱাত চিহ্ন যাত্ৰাৰে আৰম্ভ কৰি নাট্য আন্দোলনৰ ইতিহাসক অনন্য ৰূপ প্ৰদান কৰি থৈ গৈছে। এই যাত্ৰাৰ সূচনাৰ সময়ত শ্বেক্সপীয়েৰৰ দৰে নাট্যকাৰৰ জন্মই হোৱা নাছিল । প্ৰচেনিয়াম মঞ্চৰ ধাৰনা গুৰুজনাইহে বৰদোৱাৰ পৰা বিশ্বলৈ আগবঢ়াই থৈ গ'ল ।
তেওঁ লগতে কয়- নাট্য কলা সাধনাত সফলতা লাভ কৰিবলৈ এক ঋষিসুলভ সাধনাৰ প্ৰয়োজন । নাটক এতিয়া এক বিজ্ঞান ভিত্তিক কলা । থিয়েটাৰ এক সংগ্ৰামী শিল্প । নাটক আৰু নাট্যভিনয়ৰ প্ৰতি নগাঁৱৰ অৱদানৰ কথা উল্লেখ কৰি দাসে কয়- অসমৰ নাট্য আন্দোলনক নগাঁৱে সোনোৱালী ৰূপ প্ৰদান কৰিছে । ১৯৫৯ চনত অসমৰ অপেছাদাৰী নাট্য কৰ্মী সকলক একত্ৰিত কৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অসম নাট্য সন্মিলনৰ ৰূপ ৰেখা প্ৰস্তুত কৰিছিল ।
এই অনুষ্ঠান বৃহস্পতিবাৰে জাতীয় অনুষ্ঠানলৈ পৰ্যবসিত হৈছে । ৬০ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি ৬০ খন পতাকা পুৱা অধিবেশনস্হলীত বিশিষ্ট ৬০ গৰাকী ব্যক্তিয়ে উত্তোলন কৰে । পতাকা উত্তোলন অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰি কয় যে, এই অধিবেশনে নগাঁৱলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। নগাঁৱৰ পৰাই নাট্য আন্দোলনৰ আৰম্ভ হৈছিল । অসম নাট্য সন্মিলনৰ বেবেজীয়াত থকা নাট তীৰ্থ প্ৰকল্পক আকৰ্ষণীয় ৰূপত গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে ।
পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি দীলিপ চন্দ্ৰ বৰাই ৷ বন্তি প্ৰজ্বলন কৰে সন্মিলনৰ উপ-সভাপতি ক্ৰমে বসন্ত বৰ্মন , হিৰন্য হাজৰিকা , জয়ন্ত হাজৰিকা আৰু টুটু বৰুৱাই । দিনৰ ১১ বজাত পাঠৰী শাখাৰ সহযোগত শিশু নাট প্ৰদৰ্শন কৰা হয় আৰু সন্মিলনৰ আজীৱন সদস্যৰ অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয় ।
বিয়লি সদৌ অসম ভিত্তিত কবিতা প্ৰতিযোগিতা ,সন্ধ্যা ৫ বজাত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নাটক প্ৰদৰ্শন আৰু সন্ধ্যা ৬ বজাত ডা: দিলীপ কুমাৰ বৰুৱাৰ সোঁৱৰনী মাণ্ডলিক নাটক প্ৰতিযোগিতা অনুষ্ঠিত হয় । শুকুৰবাৰে পুৱাৰ ভাগত নাটকৰ পৰ্যালোচনা , সন্মিলনৰ সাধাৰণ পৰিষদৰ সভা , একক অভিনয় প্ৰতিযোগিতা , বিয়লি শিশু নাট প্ৰদৰ্শন ,সন্ধ্যা সংগীত নাটক একাডেমিৰ নাটক প্ৰদৰ্শন আৰু মাণ্ডলিক নাট প্ৰতিযোগীতা অনুষ্ঠিত হব । বৃহস্পতিবাৰে অনুষ্ঠিত অনুষ্ঠান সমূহৰ আত ধৰে সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় , আদৰণি সমিতিৰ মূখ্য সম্পাদক সন্তৰাম দাসৰ লগতে ৰাজীৱ বৰা আদিয়ে । ৬০ সংখ্যক ৰাজ্যিক অধিবেশনখনি ১০ এপ্ৰিলত সামৰনি পৰিব ।