/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5ac09880-8b16-4399-aaae-96d231aa8557/nl.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: সুকীয়া বড়ো ৰাজ্যৰ দাবীত বিগত ২০২০ চনৰ ১২ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে জন্ম লোৱা সশস্ত্ৰ সংগঠন এন এল এফ বি (NLFB) ৰ আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস ৷ এই উপলক্ষে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত NLFB ৰ ডেজিগনেট শিবিৰত আজি পুৱা আলোচনাকাৰী এন এল এফ বিয়ে দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰিক কুচকাৱাজ আৰু দিনজোৰা বৰ্ণিল কাৰ্যসূচী উদযাপন কৰে ৷
পুৱা NLFB ৰ সাংগঠনিক পতাকা উত্তোলণ কৰে সংগঠনৰ অধ্যক্ষ আই বি বুঙথিগৌৰা, একেদৰে সংগঠনৰ হকে আত্মবলিদান দিয়া শ্বহীদ সকলৰ স্মৃতিত সাংগঠনিক কলা পতাকা অৰ্দ্ধনমিত কৰে NLFB ৰ সাধাৰন সম্পাদক এন পানজাৰি আৰু শ্বহীদবেদীত পুষ্পাৰ্ঘ অৰ্পণ কৰে সেনাধ্যক্ষ এম বাথাই ৷
আনহাতে আজি NLFB ৰ প্ৰতিষ্ঠা দিৱসথলীত সংগঠনৰ শীৰ্ষ বিষয়াই আলোচনাকাৰী NLFB ৰ সতে চৰকাৰৰ শান্তি আলোচনা সঠিক পথত চলা বুলি মন্তব্য কৰে ।আনহাতে শেহতীয়াকৈ NDFB ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দানক প্ৰতিক্ৰিয়া ব্যক্ত কৰি দুখ প্ৰকাশ কৰে আৰু এয়া বড়ো সংগঠনৰ মাজত একতাৰ অভাৱত ৰঞ্জন দৈমাৰী কাৰাৰুদ্ধ জীৱন যাপন কৰিব লগা হৈছে বুলো মন্তব্য কৰে ৷