চিত্ৰশিল্পী নিত্যানন্দ সৰকাৰৰ দেহাৱসান

চিত্ৰশিল্পী নিত্যানন্দ সৰকাৰৰ দেহাৱসান

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ বৰপথাৰ ১ নং দূৱৰনী গাঁৱৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী, সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য নিত্যানন্দ সৰকাৰৰ সোমবাৰে নিশা ১০:৪০ বজাত গুৱাহাটী ইন্টাৰনেচনেল হাস্পতালত হৃদৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি হয়। নিত্যানন্দ সৰকাৰে নানা অনুষ্ঠান-প্ৰতিষ্ঠানত নিজা ধন ব্যয় কৰি অংকন কৰা বহু চিত্ৰ দান দিয়াৰ ওপৰিও বৃক্ষ ৰোপন, স্বচ্ছ অভিযান আদি কামবোৰ কৰি গৈছিল।

২০১৭ চনৰ ২৬ জানুৱাৰীত 'ধনশিৰি গৌৰৱ' বঁটাৰে বিভূষিত "মহাবীৰ লাচিত মূলা বঁটা"ৰে সন্মানিত এইজন ব্যক্তিৰ মৃত্যুত গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট সাংবাদিক সুৰক্ষা মঞ্চ, আডজা গোলাঘাট সমিতি, বৰপথাৰ প্ৰেছ ক্লাৱ, ধনশিৰি মহকুমা জাতীয়তাবাদী যুৱ পৰিষদ, বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, বৰপথাৰ আটছা শাখা সমিতি, বৰপথাৰ ব্যৱসায়ী সন্থা, শঙ্কৰদেৱ শিশু নিকেতন, বৰপথাৰ আদিৰ উপৰিও আন বহু দল-সংগঠনৰ লগতে বহু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি জনায় যে শিল্পি জনৰ মৃত্যুত গোলাঘাট জিলাই এক অপূৰণীয় ক্ষতি বহন কৰিলে।

তেখেতে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা আৰু বোৱাৰীক এৰি থৈ যায় ইহ সংসাৰত। দল-সংগঠন সমূহৰ উপৰিও অন্যান্য ব্যক্তি বিশেষে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখ্য যে, মঙলবাৰে শিল্পীজনৰ মৃতদেহ বিভিন্ন দল-সংগঠন তথা ৰাইজে সমদলেৰে বৰপথাৰ নগৰত শোভাযাত্ৰা উলিয়াই আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃতদেহ সৎকাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in