হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল নিৰ্মল কুমাৰ ব্ৰহ্মৰ...

দলীয় সমৰ্থকৰ উপস্থিতিত বিশাল সমদল উলিয়াই ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ এনডিএ মিত্ৰজোটৰ হৈ ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিল

author-image
Asomiya Pratidin
New Update
হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল নিৰ্মল কুমাৰ ব্ৰহ্মৰ...

ডিজিটেল সংবাদ, চিৰাং : কাজলগাঁও ষ্টেডিয়ামত আজি লোকে লোকাৰণ্য পৰিৱেশ। উপ নিৰ্বাচনৰ চিদলী সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিলৰ পূৰ্বে এক সভা অনুষ্ঠিত হয়। সমৰ্থক সকলৰ সৈতে সভাত মিলিত হোৱা পাছত বিশাল সমদল উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰে নিৰ্মল কুমাৰ ব্ৰহ্মই।

Advertisment

ব্ৰহ্মক সংগ দিয়ে ক্ৰমে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিটিআৰৰ মুখ্য প্ৰমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, ফণী ভুষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী,কেবিনেট মন্ত্ৰী অশোক সিংহল, বিটিআৰৰ মূখ্য প্ৰমোদ বড়ো, বিধায়ক অজয় কুমাৰ ৰায়, লৰেঞ্চ ইচলাৰী, জলেন দৈমাৰীসহ কেবাহেজাৰ সমৰ্থকে।

অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, উপ নিৰ্বাচনত ৫ সমষ্টিত এনডিএ প্ৰাৰ্থী জয়ী হব। কংগ্ৰেছ নিজৰ মাজতে যুঁজি আছে আমাৰ লগত কি দৰে যুঁজিব। এআইইউডিএফ দল আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।

লগতে কয় যে, এতিয়া কংগ্ৰেছ এআইইউডিএফ মিত্ৰজোঁট হৈছে। ২৩ তাৰিখৰ পিচত মিত্ৰজোঁট থানবান হ'ব। তেওঁলোকে এটা সমষ্টি চম্ভালিব পৰা নাই অসম কিদৰে চম্ভালিব। ইয়াৰোপৰি ২০২৬ ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে কৰিব বুলি কয় ভৱেশ কলিতাই।

অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলে কয়, বিটিচিৰ উন্নয়ণ আৰু শান্তি বিচাৰিলে ইউপিপিএলৰ প্ৰাৰ্থীৰ ভোট দিয়ক। চিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত।

Also Read: ধুবুৰী জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সভা

nirmal kumar brahma nomination