ডিজিটেল ডেস্ক: কবি নীলমণি ফুকনত অহা ১১ এপ্ৰিলত প্ৰদান কৰা হ'ব জ্ঞানপীঠ বঁটা।প্ৰথমবাৰৰ বাবে গুৱাহাটীস্থিত ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হব এই বঁটা।
সম্ভৱত এই অনুষ্ঠানত কবি গৰাকীয়ে কবিতা "হংসধ্বনি শুনিছো" পাঠ কৰিব। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু গণ্য মান্য ব্যক্তি।
উল্লেখ্য যে, অসমৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয় গৰাকী ব্যক্তি নীলমণি ফুকন। ইয়াৰ পূৰ্বে মামণি ৰয়চম গোস্বামী আৰু বীৰুন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক প্ৰদান কৰা হৈছিল এই বঁটা।
জীৱনজোৰা সাধনাৰ বাবে এই বঁটা প্ৰদান কৰা হয় তেওঁক। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন' আদি ।
আৰু পঢ়ক: অৰুণাচলত ভয়ংকৰ ভূমিস্খলন…