অন্ধবিশ্বাসেই NHPC ৰ উত্তেজনাৰ মূল কাৰণ নেকি? ৭ নম্বৰ ব্লকত অসুস্থ হয় শ্ৰমিক…

অন্ধবিশ্বাসেই NHPC ৰ উত্তেজনাৰ মূল কাৰণ নেকি? ৭ নম্বৰ ব্লকত অসুস্থ হয় শ্ৰমিক…

author-image
asomiyapratidin
New Update
অন্ধবিশ্বাসেই NHPC ৰ উত্তেজনাৰ মূল কাৰণ নেকি? ৭ নম্বৰ ব্লকত  অসুস্থ হয় শ্ৰমিক…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই এন এইছ পি চিৰ মূল বান্ধত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি। একাংশ ক্ষোভিত শ্ৰমিকে এখন কণ্টেইনাৰ জ্বলাই দিয়ে। এই ঘটনা মূল বান্ধৰ ৭ নম্বৰ ব্লকত সংঘটিত হয়। জানিব পৰা মতে এই ৭ নম্বৰ বান্ধত যিসকল শ্ৰমিকে কাম কৰে সেইসকল শ্ৰমিকে ঘৰলৈ উভতি যোৱাৰ সময়ত অসুস্থ হৈ পৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

Advertisment

বিগত সময়ছোৱাত ৭ নম্বৰ ব্লকত কাম কৰাৰ পিছতে বহু কেইগৰাকী শ্ৰমিক তেনেধৰণে অসুস্থ হৈ পৰিছে। এনে পৰিস্থিতিত এই শ্ৰমিকসকলে অন্ধবিশ্বাসৰ বলি হৈ ৭ নম্বৰ ব্লকত কাম কৰাৰ বাবেই তেওঁলোক এইদৰে অসুস্থ হৈ পৰে বুলি এক ধাৰণা গঢ়লৈ উঠে।

ইয়াৰ পিছতে শ্ৰমিকসকলে এই ৭ নম্বৰ ব্লকত কোনো লোকে পূজা, পাতল কৰাৰ সন্দেহত নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰে। এই অনুসন্ধানৰ পিছতেই বহিঃৰাজ্যৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ শ্ৰমিকে দৌল উৎসৱ উপলক্ষে ৭ নম্বৰ ব্লকত পূজা, পাতল কৰা দেখিবলৈ পায়।

বৃহস্পতিবাৰে পুৱাই এই পূজা,পাতলৰ দৃশ্য দেখি স্থানীয় একাংশ শ্ৰমিক উত্তেজিত হৈ পৰে আৰু পূজাস্থলিত এক উত্তেজিত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় শ্ৰমিকসকলে বহিঃৰাজ্যৰ পূজা কৰা শ্ৰমিকসকলক মাৰধৰ কৰে। তাৰ পিছতে এটা কণ্টেইনাৰ উত্তেজিত শ্ৰমিকে জ্বলাই দিয়ে। ইয়াৰ পিছতে দুয়ো পক্ষৰ শ্ৰমিকৰ মাজত সৃষ্টি হয় আক্ৰমণ, প্ৰত্যাক্ৰমণ। এই ঘটনাত বহু কেইজন শ্ৰমিক আহত হৈছে। অৱশ্য বৰ্তমান পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে। এন এইছ পি চি কৰ্তৃপক্ষই পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছে।