নামনি সোৱণশিৰি নদীবান্ধঃ কি চলি আছে ভিতৰত? এক বিশেষ প্ৰতিবেদন

নামনি সোৱণশিৰি নদীবান্ধঃ কি চলি আছে ভিতৰত? এক বিশেষ প্ৰতিবেদন

author-image
asomiyapratidin
New Update
নামনি সোৱণশিৰি নদীবান্ধঃ কি চলি আছে ভিতৰত? এক বিশেষ প্ৰতিবেদন

কি পৰ্যায়ত আছে এন এইচ পি চিৰ নামনি সোৱণশিৰি নদীবান্ধ নিৰ্মাণৰ কাম? ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতা সম্পন্ন এই নদীবান্ধৰ ভিতৰত এতিয়া কি চলি আছে? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বিস্তৃত প্ৰতিবেদন।

এন এইচ পি চিৰ নামনি সোৱণশিৰিৰ মূল নদীবান্ধৰ নিৰ্মাণৰ কাম এতিয়া প্ৰায় বন্ধ আছে। নদীবান্ধটোৰ পাৱাৰ হাউছকে ধৰি প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছিল যদিও, সেই কামবোৰ আছিল ক্ৰুটিপূৰ্ণ। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা প্ৰকল্পটোৰ গাৰ্ড ৱাল খহাকে ধৰি বহু টাৰ্নেলৰ ভিতৰৰ অংশ খহি পৰাত সেইবোৰৰ মেৰামতিৰ কাম অৱশ্যে মাজে-মধ্যে চলি আছে।

ইফালে, টাৰ্নেল বহুৱাবলৈ যিবোৰ টাৰ্নেলবেছ নিৰ্মাণ কৰা হৈছিল, সেইবোৰত এতিয়া মামৰে ধৰি পচিবলৈ আৰম্ভ কৰিছে। নামনি সোৱণশিৰি মূল নদীবান্ধৰ ভিতৰত ভাগৰ দৃশ্য এয়া। কোনো সাংবাদিককে প্ৰৱেশ কৰিবলৈ নিদিয়া এই স্থানত চাওঁক টাৰ্নেলৰ বেছবোৰ কিদৰে মামৰ ধৰাৰ বাবে টাৰ্নেল বহুৱাৰ উপযুক্ত হৈ থকা নাই।

সেয়েহে এইবোৰ স্থানত টাৰ্নেল বহুৱাবলৈ এই টাৰ্নেল বেছবোৰ পুনৰ নিৰ্মাণ কৰিব লাগিব এন এইচ পি চিয়ে। দল-সংগঠনৰ প্ৰতিবাদ আৰু সেউজ ন্যায়াধীকৰণত চলি থকা গোচৰৰ ফলত অসমৰ বাবে ভয়ানক হৈ পৰিব পৰা এই নদীবান্ধস্থলীত মূল নিৰ্মাণ কাৰ্য বন্ধ আছে। মূল প্ৰকল্পস্থলীৰ পূৰ্বে পোৱা কোফাৰ ডেম নিৰ্মাণস্থলীৰ ছবিৰেই বহুতে নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পস্থলীত কাম চলি থকা বুলি প্ৰচাৰ চলাই এন এইচ পি চিৰ কৰ্তৃপক্ষক উৎসাহিত কৰাৰ লগতে কিছু সংকীৰ্ণ স্বাৰ্থ সিদ্ধি কৰিছে।

এই বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশে অসমৰ ৰাইজৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। নদীবান্ধ নিৰ্মাণ বন্ধ হোৱাৰ বাবে অসমৰ ৰাইজে চলাই থকা দীৰ্ঘদিনৰ আন্দোলন আৰু ইয়াৰ ফলত অৰুণাচল-অসমকে ধৰি উত্তৰ-পূবত কি প্ৰভাৱ পৰিব তাক লৈ ৰাইজ চিন্তিত হৈ থকা সময়ত এই খবৰ প্ৰকাশেৰে একাংশ লোকে এন এইচ পি চিৰ সৈতে দৰ-দাম কৰাৰো অভিযোগ উঠিছে। ইতিমধ্যে আণ্ডাৰগ্ৰাউণ্ডত নিৰ্মাণ কৰা পাৱাৰ হাউছক লৈও যথেষ্ট বিবুধিত পৰিছে এন এইচ পি চি কৰ্তৃপক্ষ।

কিয়নো সম্পূৰ্ণ মাটিৰ তলত থাকিবলগীয়া এই পাৱাৰ হাউছৰ কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ কিবা অঘটন হ'লে কি পৰিস্থিতি হ'ব পাৰে সেয়া অনুমান কৰিব পাৰিছে বিশেষজ্ঞসকলে। অসমৰ ৰাইজক সম্পূৰ্ণ অন্ধকাৰত থৈ এন এইচ পি চি কৰ্তৃপক্ষই নদীবান্ধ নিৰ্মাণৰ পক্ষত থাকিলেও এনে বহু জটিলতাৰ সন্মুখীন হৈছে গেৰুকামুখত।

বাৰিষা পাহাৰ খহাৰ লগতে কোফাৰ ডেমবোৰত বালি জমা হোৱা আৰু এই নদীবান্ধ নিৰ্মাণ হোৱাৰ পাছত পাহাৰত আৱদ্ধ হৈ থকা নদীবান্ধৰ পানীয়ে অৰুণাচলৰ পাহাৰ খহাই অনাৰ সম্ভাৱনাই অধিক। ধেমাজি, লখিমপুৰ বা মাজুলীৰ লোকসকলৰ লগতে এই নদীবান্ধে উত্তৰ-পূবৰ আন ৰাজ্যসমূহক আৰু উত্তৰ অসমৰ বিস্তীৰ্ণ অঞ্চল নিঃশেষ কৰাৰ সম্ভাৱনা আছে।

ভূমিকম্প প্ৰবণ এই অঞ্চলটোত নদীবান্ধ নিৰ্মাণ কৰাতো বিজ্ঞানসন্মত নহয় বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মন্তব্য কৰিছে। তাৰ পাছতো এই নদীবান্ধ নিৰ্মাণ বন্ধ কৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হৈছে যদিও, নীৰৱে আছে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ। ৰঙানদী, দৈয়াং প্ৰকল্প আদিয়ে চলোৱা জলপ্ৰলয় আৰু দুৰ্গতিৰ পাছত নামনি সোৱণশিৰিৰ ২০০০ হাজাৰ মেগাৱাট সম্পন্ন নদীবান্ধটোৱে কি হাৰত ধ্বংস লীলা চলাব পাৰে সেয়া অসমৰ ৰাইজে ইতিমধ্যে অনুভৱ কৰিছে।

শেহতীয়াকৈ নদীবান্ধৰ পৰা এৰা পানীয়ে কেৰালাকো বিধ্বস্ত কৰিলে। ইমানৰ পাছতো এই নদীবান্ধ নিৰ্মাণৰ বিষয়টো কাৰোবাৰ বাবে ল'ৰা-ধেমালি সদৃশ হৈ পৰিছে। নদীবান্ধৰ মূলস্থলী নোপোৱাকৈ বহুতে অনুমানৰ ভিত্তিত বা উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা এনে বা-বাতৰিয়ে ৰাজ্যবাসীৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি কৰিব। তাৰ সুযোগ গ্ৰহণ কৰিব এন এইচ পি চিৰ কৰ্তপক্ষই। বাৰিষাৰ বতৰৰ বাবে এন এইচ পি চিৰ নদীবান্ধস্থলীৰ কেবাস্থানতো ভূমিস্খলন হৈছে। সেইবোৰ লুকুৱাবলৈ চেষ্টা চলাইছে এন এইচ পি চিৰ কৰ্তৃপক্ষই।