Advertisment

২ মে’ নহয়, ৪ মে’ৰ পৰাহে অসমত কাৰ্যকৰী হ’ব বৰ্ধিত লকডাউনৰ নীতি-নিয়ম…

২ মে’ নহয়, ৪ মে’ৰ পৰাহে অসমত কাৰ্যকৰী হ’ব বৰ্ধিত লকডাউনৰ নীতি-নিয়ম…

author-image
asomiyapratidin
New Update
মন কৰিব ৬ বাজিল! আৰম্ভ লকডাউন…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ৩ মে'ত শেষ হ'বলগীয়া লকডাউন পুনৰ ২ সপ্তাহৰ বাবে বৃৃদ্ধি কৰা হৈছে। কিছু নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই। কোৰোনাৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি অসমত স্কুল-কলেজ, শৈক্ষিক প্ৰতিষ্ঠান সমূহ এই সময়চোৱাত সকলো জ'নতে বন্ধ ৰাখিব লাগিব। চিনেমা হল, ৰেষ্টুৰেন্ট-হোটেল আদিও বন্ধ ৰখা হ'ব এই সময়চোৱাত। অৱশ্যে গ্ৰীণ জ'নসমূহত চাইকেল, অট', টেক্সী আদি চলাচলত পূৰ্বতে থকা বাধা আঁতৰ হ'ব।

Advertisment

এই ক্ষেত্ৰত শনিবাৰে ৰাজ্য চৰকাৰে নীতি-নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে। চৰকাৰী কাৰ্যালয়ৰ দৰে বেচৰকাৰী কাৰ্যালয়সমূহতো পুনৰ কাম-কাজ আৰম্ভ হ'ব এই লকডাউনৰ সময়চোৱাত। কৃষি কৰ্মৰ, সাধাৰণ লোকৰ চলন-ফুৰনৰ ক্ষেত্ৰতো গ্ৰীণ জ'ন সমূহত বিশেষ বাধ্য-বাধকতা থাকিব নালাগে।

৪ মে'ৰ পৰা ১৭ মে'লৈ বৃদ্ধি কৰা এই লকডাউনৰ সময়চোৱাত কোনো ৰাজহুৱা সভা, সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয় সভা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে কোনো লোক ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব।

জিলাসমূহত এই সময়চোৱাত ১৪৪ধাৰা জাৰি কৰিব জিলা প্ৰশাসনে। ৬৫ বছৰ উৰ্ধৰ লোকসকল বাহিৰ ওলাব নোৱাৰিব লকডাউনৰ সময়ত। কি কি কৰিব পাৰিব বা কি কি কৰিব নোৱাৰিব সেই সন্দৰ্ভত ৰাজ্য প্রশাসনে জাৰি কৰা নীতি-নিৰ্দেশনাতহে স্পষ্ট হ'ব।

এই সমূহ নীতি-নিৰ্দেশনা কাৰ্যকৰী হ'ব অসমত। ৪ মে'ৰ পৰা এই সমূহ নীতি সকলোৱে মানি চলিব লাগিব। তাৰ মাজতে ৰাইজৰ মাজত নিয়মসমূহ কাৰ্যকৰী হোৱাৰ সময়ক লৈ বহুতো প্ৰশ্নৰ সৃষ্টি হৈছে। একাংশ লোকৰ মাজত এইসমূহ নিয়ম ২ মে'ৰ পৰা কাৰ্যকৰী হ'ব বুলি প্ৰচাৰ চলিছে। উল্লেখ্য যে, ১ মে'ত এই সমূহ নীতি নিৰ্দেশনাৰ কথা কেন্দ্ৰই সদৰি কৰিলেও ৪ মে'ৰ পৰাহে অৰ্থাৎ ৩ মে'ত লকডাউন শেষ হোৱাৰ পিছতহে এইসমূহ নতুন নিয়ম দেশজুৰি কাৰ্যকৰী হ'ব।