ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সম্বৰ্ধনা…

ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সম্বৰ্ধনা…

ডিজিটেল ডেস্ক : ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক সোমবাৰে অসম অলিম্পিক সন্থাৰ লগতে সন্থাৰ অন্তৰ্গত ৰাজ্যিক ক্ৰীড়া সন্থা, জিলা ক্ৰীড়া সন্থা তথা বিভিন্ন ক্ৰীড়া অনুষ্ঠান আৰু ক্লাব সমূহে সম্বৰ্ধনা জনায়। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে অসম অলিম্পিক সন্থাৰ উপ সভাপতি ঋতুবৰণ শৰ্মাই।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ আইন আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য, লোকসভাৰ গুৱাহাটীৰ সাংসদ কুইন উজা,বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা, ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি আৰু ক্ৰীড়া আয়ুক্ত মলয় বৰা।অনুষ্ঠানৰ মধ্যমণি তথা অসম অলিম্পিক সন্থাৰ সন্পাদক লক্ষ্য কোৱঁৰে বিগত দিনসমূহত ৰাজ্যিক ক্ৰীড়া সন্থা, জিলা ক্ৰীড়া সন্থা তথা বিভিন্ন ক্ৰীড়া অনুষ্ঠান আৰু ক্লাব সমূহৰ পৰা পোৱা সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা জনায়।

অনাগত দিনটো সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰি কোৱঁৰে কয় যে অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি দিনক দিনে আগবাঢ়ি গৈ আছোঁ। অনুষ্ঠানত প্ৰাক্তন ক্ৰীড়াবিদ তৈবুন নিচা, ক্ৰীড়া সংগঠক হেমন্ত কুমাৰ কলিতা, পুলক গোস্বামী, জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে লক্ষ্য কোঁৱৰক শুভেচ্ছা জনাই ভাষণ প্ৰদান কৰে।