ডিজিটেল ডেস্কঃ ৰাজ্যত কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ বিমানবন্দৰ, ৰেলৱে ষ্টচন আৰু বাছৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক স্ক্ৰীণিং কৰা হ'ব। কোভিড সংক্ৰমণ প্ৰতিহত কৰিবলৈকে ৰাজ্যচৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা নতুন এছ অ' পি ঘোষণা কৰিছে। এই এছ অ' পিত কোভিড প্ৰতিহত কৰিবলৈ পূৰ্বৰ ০১/০৯/২০২১ তাৰিখৰ অধিসূচনা এইছ এল এ ৩০১/২০২০/২১২ আংশিক সংশোধন কৰি ৮ নৱেম্বৰ ২০২১ ত এইছ এল এ ৩০১/২০২০/২৫১ নিৰ্দেশনা জৰিয়তে এক নতুন অধসূচনা জাৰি কৰিছে।
সেই অনুসৰি বিমান, ৰেল আৰু পথ পৰিবহনৰ জৰিয়তে অসমলৈ অহা সকলো যাত্ৰীৰ সুৰক্ষা আৰু সুবিধা নিশ্চিত কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰিঃ
যিসকল ব্যক্তিয়ে কোভিড-১৯ ৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে, দুয়োপালি ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ আছে তেওঁলোকক বিমানবন্দৰ, ৰেলৱে ষ্টেচন ৰোড বৰ্ডাৰ পইণ্ট আদিত স্ক্ৰীণিন কৰ্তৃপক্ষৰ সন্মুখত বাধ্যতামূলক কোৰোনা পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে।
অৱশ্যে, যিসকল যাত্ৰীয়ে কোভিডৰ এটা পালি ভেকচিন গ্ৰহণ কৰিছে বা ভেকচিন গ্ৰহণ কৰা নাই আৰু যিসকলৰ দুয়োপালি ভেকচিন লোৱাৰ পিছতো কোৰোনাৰ লক্ষণ আছে, তেওঁলোকে বিমানবন্দৰ, ৰেলৱে ষ্টেচন আদিত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ নিজা ব্যয়ত বাধ্যতামূলক আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব। অসমত বিমান বন্দৰ ৰেল ষ্টেচন আদিত প্ৰতিটো আৰটি-পিচিআৰ পৰীক্ষাত ২৫০ টকাৰ ৰাজসাহায্যপ্ৰাপ্ত হাৰ আদায় কৰা হ'ব।
ইয়াৰ উপৰিও দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰা অভিভাৱকৰ লগত অসমলৈ অহা ১০ বছৰৰ তলৰ শিশুক বাধ্যতামূলক কোভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে যদি পিতৃ-মাতৃয়ে ইচ্ছা কৰে তেনেহ'লে এনে শিশুৰ বাবে কোভিড পৰীক্ষা কৰাৰো ব্যৱস্থা থাকিব। এনে পৰীক্ষাৰ বাবে অভিভাৱকে নিৰ্বাৰিত ধন পৰিশোধ কৰিব লাগিব।