/asomiyapratidin/media/media_files/2026/02/26/3-2026-02-26-15-08-03.jpg)
ডিজিটেল ডেস্কঃ মুক্তি পালে '' ফাগুনৰ সৰা ফুল " শীৰ্ষক এটি সুমধুৰ গীতে। গাতটি বুধবাৰে এক ঘৰুৱা পৰিৱেশত বহুসংখ্যক শিল্পী কলা-কুশলীৰ উপস্থিতিত শুভ উন্মোচন কৰে অসমৰ বিশিষ্ট কন্ঠ শিল্পী দিলীপ দাসে। গীতৰ কথা সুৰ কন্ঠ হেমন্ত ভাগৱতীৰ। সংগীত ব্যৱস্থাপনা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক শিল্পী তথা বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক পৰিষদৰ সদস্য দেৱাশীষ পৰাশৰৰ। গাতটি বাণীবদ্ধ কৰিছে De Tune Music Studio, দিল্লীত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2-2026-02-26-15-09-00.jpeg)
উল্লেখ্য যে, গীতটি উন্মোচন কৰি বিশিষ্ট কন্ঠ শিল্পী দিলীপ দাসে ভাষণ প্ৰদান কৰে। এই ভাষণ প্ৰদান কৰাৰ পাছতে হেমন্ত ভাগৱতীক উদ্দেশ্যি মন্তব্য প্ৰকাশ কৰি কয় যে- সুন্দৰ শব্দ গাঠনি সুৰ সংযোজন সংগীত সকলো সৰ্বাংগসুন্দৰ কৰিছে হেমন্ত ভাগৱতীয়ে। লগতে কয় ভাগৱতীৰ বহু কেইতা গীতৰ কথা সুৰ তেওঁ শুনিছে। মানুহ, প্ৰকৃতি ঐতিহ্য পূৰ্ণ ঠাই সমূহৰ বুৰঞ্জীক লৈ লিখা গীতসমূহো পৰ্যায় ক্রমে বাণীবদ্ধ কৰি ৰাইজৰ বাবে আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-im-2026-02-26-15-09-44.jpeg)
ইপিনে হেমন্ত ভাগৱতীয়ে লিখি সুৰ কৰি কন্ঠ নিগৰোৱা "জুবিন জ্যোতি " শীৰ্ষক জুবিন গাৰ্গৰ অবৰ্তমানত হোৱা পৰিৱেশৰ ওপৰত প্ৰস্তুত কৰা এটি সুন্দৰ গীত অতি সোনকালে ৰাইজৰ বাবে উচৰ্গা কৰিব। গীতসমূহ ইউটিউবত চাৰ্চ কৰিলেই শুনিব পাৰিব বুলি উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2026-02-26-15-10-46.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us