/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-51-27.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত পুনৰ "কোচ-ৰাজবংশী স্ব-জাতি মঞ্চ" নামেৰে নতুন জাতীয় সংগঠনৰ আত্মপ্ৰকাশ। ২০২৬ ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বেই কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ দাবী নৱগঠিত কোচ-ৰাজবংশী স্ব-জাতি মঞ্চৰ।
আজি চিৰাং জিলাৰ বাসুগাঁৱস্থিত বাসুগাঁও প্ৰেছ ক্লাৱত আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা জাতীয় স্বাৰ্থত ইউপিপিএল দলৰ পৰা পদত্যাগ কৰা নেতা অৰুন কুমাৰ ৰায়ৰ নেতৃত্বত "কোচ ৰাজবংশী স্ব-জাতি মঞ্চ" নামেৰে এক সংগঠনৰ আত্ম প্ৰকাশ কৰিয়েই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা প্ৰদান কৰি কঠোৰ সকিয়নি "কোচ ৰাজবংশী স্ব জাতি মঞ্চ" ৰ।
লক্ষ্যণীয় বিষয় যে কিছুদিন আগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্বই দলীয় স্থিতি স্পষ্ট নকৰাত ক্ষুদ্ধ হৈ জাতীয় স্বাৰ্থত বিটিআৰৰ পাঁচখন জিলাৰ কোচ-ৰাজবংশী নেতা কৰ্মী দলীয় নেতা কৰ্মী সকলে সমূহীয়া ভাবে ইউপিপিএল দল ত্যাগ কৰিছিল ।
পৰবৰ্তী সময়ত এই ইউপিপিএল দল ত্যাগ কৰা নেতা কৰ্মী সকলে নতুনকৈ "কোচ-ৰাজবংশী স্ব-জাতি মঞ্চ" নামৰ এটি সংগঠন গঠন কৰে আৰু আজি সংবাদমেলৰ জৰিয়তে আত্মপ্ৰকাশ কৰিয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আক্ৰামক হৈ পৰে ।
আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই যদি ছয় জনগোষ্ঠীৰ লগত কোঁচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান নকৰে তেনেহলে কোঁচ-ৰাজবংশী জনগোষ্ঠীয় দল সংগঠন সকলে ঐক্যবদ্ধ হৈ মিছলীয়া মুখ্যমন্ত্ৰী গৰাকীক প্ৰতিহত কৰাৰ লগতে বিজেপি দলৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হব বুলি হুংকাৰ প্ৰদান কৰে কোচ -ৰাজবংশী স্ব জাতি মঞ্চ ৰ সভাপতি অৰুন কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক কুসুম্বৰ চৌধুৰীয়ে ।
উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ৰাজ্যৰ পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধান সভা নিৰ্বাচনৰ পিচত হব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোচ ৰাজবংশী স্ব জাতি মঞ্চৰ সভাপতি অৰুন কুমাৰ ৰায়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘ দিনৰ পৰাই জনজাতিকৰণৰ দাবী কৰি আহিছে আৰু কেবা বাৰো প্ৰতিবেদন মন্ত্ৰী সভাত দাখিল কৰা হৈছিল কিন্তু তাৰ পিছতো স্বয়ং ৰাজ্যৰ মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ পূৰ্বেই ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাই বুলি কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।
ইপিনে কোচ-ৰাজবংশী সকলক জনজাতিকৰণৰ নামত উজনিৰ লগত নামনি কৰি বিভাজনমূলক নীতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে যিটো আমাৰ জাতিৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ।আমাৰ স্পষ্ট কথা আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক অন্যথা কোচ ৰাজবংশী স্ব জাতি মঞ্চই তীব্ৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হব বুলিও তেঁও তীব্ৰ ভাষাৰে সকিয়াই দিয়ে।
আনহাতে আগন্তুক বিধান সভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবেই মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি CCTOA ৰ কথা কৈ আছে তেওঁ CCTOAৰ চৰকাৰ নেকি? আমি কোনো CCTOA ৰ পৰা জনজাতিকৰণ বিচৰা নাই আমি আমাৰ অধিকাৰ বিচাৰিছো বুলিও সংবাদ মেলত মন্তব্য প্ৰকাশ কৰে মঞ্চৰ সভাপতি অৰুন কুমাৰ ৰায়ে।
সংবাদ মেলত নৱ গঠিত কোচ ৰাজবংশী স্ব- জাতি মঞ্চৰ সভাপতি অৰুন কুমাৰ ৰায়ৰ লগতে উপ সভাপতি বিক্ৰম সিংহ ৰায়চৌধুৰী, সাধাৰন সম্পাদক কুসুম্বৰ চৌধুৰী, সাংগঠনিক সম্পাদক দিগন্ত ৰায় আৰু উত্তম বৰ্মন সহ বাক্সা, তামুলপুৰ আৰু ওদালগুৰী জিলাৰ পৰা অহা কেইবা গৰাকী নেতা কৰ্মী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us