ডিজিটেল সংবাদ, গোৱালপাৰাঃ 'কোনো এটি অনুষ্ঠান জাতীয় হ'বলৈ হ'লে জাতিটোৰ গৰিষ্ঠ সংখ্যক মানুহে বিনা বাধায় তাত প্ৰৱেশৰ অধিকাৰ পাব লাগিব। আৰু সেই অধিকাৰ পাবলৈ যোগ্যতা হ'ব লাগিব প্ৰতিভা, কোনো বিশেষ সম্প্ৰদায় নহয়। এই ধৰ্ম নিৰপেক্ষ আদৰ্শ আছিল জনতাৰ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাৰ। সেইবাবেই এইজন মহান শিল্পীয়ে মহাপুৰুষ শংকৰ দেৱৰ নামঘৰৰ আৰ্হিটোকে লৈ জাতীয় অনুষ্ঠানৰ সংস্কাৰ কৰিছিল।তথাকথিত বৰ্ণবাদী সমাজে সৃষ্টি কৰা তথাকথিত নিচসকলেহে জাতিটোৰ সংস্কৃতি আৰু সংস্কৃতিৰ উপাদানসমূহ ৰক্ষা কৰি আহিছে যেনেদৰে গছাটোৱে নিজে এন্ধাৰত থাকি চোতালখন পোহৰাই তোলে'-এই তাৎপৰ্যমূলক বক্তব্য বিশিষ্ট কবি সাহিত্যিক সমীন্দ্ৰ হুজুৰিৰ।
শুকুৰবাৰে নিউ গোৱালপাৰা কলা-কৃষ্টি সংঘৰ বাকৰিত উদযাপিত দিন যোৰা শিল্পী দিৱসৰ কাৰ্যসূচীৰ 'সাম্প্ৰতিক সংকট আৰু জ্যোতিপ্ৰসাদ আগৰৱালা' শীৰ্ষক আলোচনা চক্ৰত এইদৰে মুখ্য বক্তা হিচাপে অংশ লৈ বক্তব্য ৰাখে। তেওঁ মুখ্য বক্তা হিচাপে দিয়া ভাষণত ফেচিষ্ট শাসক পক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ কয়, যিসকলে গান্ধীক হত্যা কৰিছে আজি সেই সকলে গান্ধীৰ আদৰ্শৰে ক্ষমতা কুক্ষিগত কৰাৰ চক্ৰান্তত ব্ৰতী হৈছে। কবি সাহিত্যিক হুজুৰীয়ে 'কা' বিৰোধী আন্দোলনৰ পাঁচোগৰাকী শ্বহীদক স্মৰণ কৰিও ৰাজ্য চৰকাৰৰ সমালোচনাত সৰব হয়। তেওঁ কয়-আমাৰ চৰকাৰখন ইমানেই দুষ্কৃতিকাৰী হ'ব পাৰিলে যে ফুলকুমলীয়া ল'ৰা কেইটাক হত্যা কৰাৰ পিছতো তেওঁলোকৰ চোতালত ভৰি থৈ পৰিয়ালবৰ্গক সান্তনা দিবলৈ আহৰি নাপালে। চৰকাৰী পক্ষ সান্তনা দিয়াৰ পক্ষত নাই। এতিয়া কেবল ৰাইজক গোট খোৱাৰ পক্ষতহে। ৩৩ শতাংশ ভোট পোৱা চৰকাৰখনে কেনেকৈ পুনৰ গাদী দখল কৰিব পাৰে তাৰ হিচাপ-নিকাচতহে ব্যস্ত।
নাগৰিকত্ব সংশোধনী আইনক তীব্ৰ বিৰোধিতা কৰি তেওঁ কয়, ক্ষোভৰ দাবানল সমগ্ৰ দেশত বিয়পিছে।এই কেব বা কা বিৰোধী আন্দোলনক লৈ অসম গৌৰাম্বিত। কিয়নো দেশজোৰা এই আন্দোলনৰ নেৰ্তৃত্ব বহণ কৰিছে অসমে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে তেওঁৰ দীঘলীয়া ভাষনণত পুনৰ জ্যোতিপ্ৰসাদৰ প্ৰসংগত আনি কয়- 'সংস্কৃতিৰ অৰ্থ হ'ল মানুহৰ মনুষত্ববোধ উদ্বোধন কৰা। মানুহক এন্ধাৰৰ পৰা পোহৰ লৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী', সেইজনেই জ্যোতিপ্ৰসাদ আগৰৱালা'।
উল্লেখ্য যে, নিউ গোৱালপাৰা কলা-কৃষ্টি সংঘই উদযাপিত কৰা শিল্পী দিৱসৰ কাৰ্যসূচী মতে, শুকুৰবাৰে পুৱা প্ৰায় দহ বজাত সংঘৰ পতাকা উত্তোলন কৰা হয়। চাৰে দহমান বজাত বিভিন্নজনে জ্যোতিপ্ৰসাদৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। পুৱা এঘাৰমান বজাত 'সাম্প্ৰতিক সংকট আৰু জ্যোতিপ্ৰসাদ আগৰৱালা 'শীৰ্ষক এক মনজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত চহৰৰ বিভিন্ন বিশিষ্ট ব্যক্তি, শিল্পী, সাংবাদিক আদিকে ধৰি স্থানীয় ৰাইজে অংশ লয়। ইয়াৰ পিছতে স্থানীয় বিভিন্ন শিল্পীৰ দলে জ্যোতি সংগীত আৰু মাত-কথাৰে অনুষ্ঠানস্থলী ৰজনজনাই তোলে। শিল্পী দিৱসৰ অনুষ্ঠানটোত লক্ষ্যণীয় ৰূপত চৌপাশে কা বিৰোধী বেনাৰ-প'ষ্টাৰ জিলিকি ৰয়।