ঘোষণা হ'ল বিজ্ঞানৰ পৰীক্ষাৰ নতুন তাৰিখ

ঘোষণা হ'ল বিজ্ঞানৰ পৰীক্ষাৰ নতুন তাৰিখ

ডিজিটেল ডেস্ক : ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰা মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত নতুন ঘোষণা শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ । পৰীক্ষাৰ মাত্ৰ কেইটামনা ঘন্টা পূৰ্বে নিশা বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাত ছেবাই মাজনিশা প্ৰকাশ কৰিব লগীয়া হৈছিল জাননী । এই জাননী অনুসৰি, বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল তাৎক্ষণিকভাৱে । ইয়াৰ ওপৰিও জনোৱা হোৱা নাছিল কোনো ধৰণৰ নতুন তাৰিখৰ কথা । মাজনিশা প্ৰকাশ কৰা জাননীৰ বাবে বহু শিক্ষাৰ্থীয়ে পুৱা পৰীক্ষাগৃহৰ পৰা উভতি যাব লগীয়া হৈছিল ।

তাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয় । শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীও প্ৰত্যক্ষ কৰা হয় বহু ঠাইত ।

শেহতীয়াকৈ শিক্ষামন্ত্ৰী গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে এক নতুন তথ্য । ১৩ মাৰ্চ, সোমবাৰে অনুষ্ঠি হ'ব লগীয়া বিজ্ঞানৰ পৰীক্ষাৰ নতুন দিন ধাৰ্য কৰা হৈছে ৩০ মাৰ্চ,২০২৩ ৰ বাবে । আনহাতে, বিগত ইংৰাজী পৰীক্ষাত আসোৱাহৰ সৃষ্টি হোৱা কেন্দ্ৰ জে আৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, গণিৰগ্ৰামত ২৮ মাৰ্চ, ২০২৩ তাৰিখে অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in