/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/cc138dff-9adb-4e5a-83b3-6134caeb4925.jpg)
ডিজিটেল সংবাদ, হোজাইঃ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশৰ জনতাক ৰক্ষা কৰাৰ উদ্দেশ্যে ঘোষণা কৰা লকডাউনত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিবলগীয়া হোৱা দৰিদ্ৰ লোকক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিছে বহু হৃদয়ৱান ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠান। তাৰ ভিতৰত হোজাই জিলাৰ অন্যতম দাতব্য ন্যাস লংকাৰ ওমপ্ৰকাশ আগৰৱালা প্ৰমিলা দেৱী দাতব্য ন্যাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/7b8534ba-06e4-4bdd-a57b-de87c30d974c-1024x512.jpg)
১০ দিনৰ জোখাৰে চাউল, তেল, চাবোন, নিমখ বিতৰণ কৰিলে হোজাই জিলাৰ প্ৰায় ৮ শতাধিক পৰিয়ালক। ন্যাসটোৰ অধ্যক্ষ ৰোহিত আগৰৱালাৰ প্ৰচেষ্টাত জিলাখনৰ লংকা, নীলবাগান, কাকী, হোজাইৰ বিভিন্ন প্ৰান্তত প্ৰায় ৮৫০ৰো অধিক পৰিয়ালক ১০ কেজি চাউলৰ এটা বেগৰ লগতে দালি , তেল, নিমখ আৰু চাবোন বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/bafe9f6f-4cf6-467e-a24f-93aeda7f4390-1024x512.jpg)
শুকুৰবাৰে নীলবাগানত ১০০টা পৰিয়ালক সামাজিক ব্যৱধান মানি এনে ১০ কেজি চাউল, দালি, নিমখ আৰু চাবোনৰ একোটা পেকেট আগবঢ়ায়। দাতব্য ন্যাসটোৰ এনে প্ৰচেষ্টাত কেইবাজনো ব্যক্তিয়ে স্বতঃস্ফূৰ্ত ভাৱে সহযোগিতা আগবঢ়ায়। সাহায্য বিতৰণত ন্যাসটোৰ অধ্যক্ষ ৰোহিত আগৰৱালাৰ উপৰিও ব্যৱসায়ী মনচুৰ আহমেদ চৌধুৰী, আব্দুল হক চৌধূৰী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us