নাজিৰাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

নাজিৰাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

author-image
asomiyapratidin
New Update
নাজিৰাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

ডিজিটেল সংবাদ, নাজিৰাঃ নাজিৰা সমষ্টিৰ বিহুবৰ গাও পঞ্চায়ত এলেকাধীন চন্টক বাগিচা প্ৰাথমিক বিদ্যালয়ত স্থানীয় সেনাবাহিনীৰ সহযোগত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়৷ বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি সেনাবাহিনীৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী লগতে প্ৰশ্নোত্তৰ, প্ৰবন্ধ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

শতাধিক ছাত্ৰ ছাত্ৰী লগতে শিক্ষক অভিভাৱকবৃন্দই এই দিৱসৰ কায্যসূচীত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন পান্তত বৃহস্পতিবাৰে পালন কৰা হয় বিজ্ঞান দিৱস।