‘ৰেডিচন ব্লুত ৰঙালাইট’- চিংগাপুৰ, কম্বোদিয়া, থাইলেণ্ড, বাংলাদেশসহ ৭ এছিয়ান দেশৰ নেতা….

‘ৰেডিচন ব্লুত ৰঙালাইট’- চিংগাপুৰ, কম্বোদিয়া, থাইলেণ্ড, বাংলাদেশসহ ৭ এছিয়ান দেশৰ নেতা….

author-image
asomiyapratidin
New Update
‘ৰেডিচন ব্লুত ৰঙালাইট’- চিংগাপুৰ, কম্বোদিয়া, থাইলেণ্ড, বাংলাদেশসহ ৭ এছিয়ান দেশৰ নেতা….

ডিজিটেল ডেস্কঃ অৱশেষত গোপনীয়তাৰ ভেদ আংশিকভাৱে হ'লেও খুলিবলৈ বাধ্য হ'ল উদ্যোক্তাসকল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত ৰেডিচন ব্লুত প্ৰচাৰ বিহীন ভাৱে অনুষ্ঠিত কৰিবলৈ লোৱা নেচাৰেল এলাইছ ইন ডেভলপমেণ্ট এণ্ড ইণ্টাৰডিপেণ্ডেচ(NADI)ৰ এছিয়ান কনফ্লুয়েঞ্চ এণ্ড ইণ্টাৰনেচনেল ৰিভাৰ কনক্লেভ-২০২২ শীৰ্ষক অনুষ্ঠানৰ বিতং কাৰ্যসূচী আমাৰ হাতত পৰিলহি।

Advertisment

২৮ মে' শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী পুৱা ৮-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীত কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সেই অনুসৰি ভাৰতস্থিতি চিংগাপুৰৰ উচ্চায়ুক্ত এইছ ই ছাইমন ৱংগ, কম্বোদিয়াৰ ৰাষ্ট্ৰদূত উং চিন, থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ডন প্ৰমোডুইনাই, বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিন আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকিব। আনহাতে প্ৰথম দিনৰ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণ প্ৰদান কৰিব।

ইয়াৰ উপৰিও প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীত ব্যৱস্থাপকৰ হৈ এছিয়ান কনফ্লুয়েঞ্চৰ সদস্য সাধনা শ্ৰীবাস্তৱ, কাৰ্যবাহী সঞ্চালক সব্যশাচী দত্ত, অধ্যক্ষ এম পি বেজবৰুৱাই আৰম্ভণি পৰ্ব সম্পূৰ্ণ কৰিব। ইয়াৰ পিছতে অনুষ্ঠিত হ'বলগীয়া বংগোপসাগৰৰ নদীসমূহে নদী অৰ্থনীতি, পৰ্বত অৰ্থনীতি অৰু সমভূমি অৰ্থনীতিৰ বিষয়ত দেশসমূহৰ ভূমিকা আৰু এই নদীসমূহে সংযোগ কৰা দেশসমূহৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ'ব।

এই আলোচনাত ভাৰত, বাংলাদেশ, কম্বোদিয়া, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ইণ্ডোনেছিয়া আদি এছিয়ান দেশসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও প্ৰথম দিনটোত নদী সংযোগ আৰু মাল্টি মডেল ট্ৰান্সপ'ৰ্ট সন্দৰ্ভত প্ৰত্যাহ্বান, সুযোগ আৰু আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত কাৰিকৰী বিষয়ত আলোচনা হ'ব।

ইয়াৰ উপৰিও মেঘনা দীপ ডাইভ শীৰ্ষক ঘূৰণীয়া মেজমেল, দ্যা বাংলাদেশ ডেল্টা প্লেন-২১০০ সন্দৰ্ভত মত বিনিময়, ভাৰত চৰকাৰৰ জলশক্তি মিছন এণ্ড ৱাটাৰ গভাৰ্নেন্স ইন ইণ্ডিয়াঃ এ ভিজন ফৰ দ্যা ফিউচাৰ সন্দৰ্ভত মত বিনিময়, নদী বাণিজ্যিৰ ওপৰত সমল ব্যক্তিৰ আলোচনা, আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

দ্বিতীয় দিনটো একেদৰে নদী সম্পৰ্কত কেইবাটাও বিষয়ত আলোচনা, কাৰিকৰী বিষয়ত আলোচনা আদি অনুষ্ঠিত হ'ব। এই আটাইবোৰ কাৰ্যসূচীতে এছিয়ান দেশসমূহৰ প্ৰতিনিধি, বিশেষজ্ঞ আদিয়ে অংশগ্ৰহণ কৰিব।

 ইমান গোপনে গুৱাহাটীৰ পঞ্চ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত কিয় চলিছে এই বিশাল আয়োজন? ২৮ আৰু ২৯ মে' তাৰিখত ইয়াতে অনুষ্ঠিত হ'ব নেচাৰেল এলাইছ ইন ডেভলপমেণ্ট এণ্ড ইণ্টাৰডিপেণ্ডেচ (NADI)চমুকৈ এছিয়ান কন্সফ্লুয়েঞ্চ এণ্ড ইণ্টাৰনেচনেল ৰিভাৰ কন্সফ্লুয়েঞ্চ শীৰ্ষক এক দুদিনীয়া অভিৱৰ্তন। যাক নদী কনফ্লুয়েঞ্চ বুলিও কোৱা হৈছে।

ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগৰ উপৰিও উত্তৰ পূৱ পৰিষদৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ অভিৱৰ্তন। সেই উদ্দেশ্যে কিছু সময় পিছতে অৰ্থাৎ শুকুৰবাৰে বিয়লি ৩ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'বহি বাংলাদেশৰ বিদেশমন্ত্ৰী।

তেওঁৰ পিছে পিছে ৫ বজা পৰ্যন্ত বিমান যোগে উপস্থিত হ'ব বাংলাদেশৰ সাংসদ আৰু উচ্চ আমোলা-বিষয়াৰে পৰিৱেষ্টিত ৬০ জনীয়া এক দলো।

কিন্তু অস্বাভাৱিক ভাৱে এই বিশাল আয়োজন সন্দৰ্ভত অসমত চলা নাই কোনো আশানুৰূপ চৰকাৰী, বেচৰকাৰী প্ৰচাৰ। সংবাদ মাধ্যমৰ জৰিয়তেও এই সন্দৰ্ভত বিশেষ তথ্য লাভ কৰা নাই। কিন্তু কিয়? এনে এক প্ৰশ্ন অতি স্বাভাৱিক ভাৱেই সকলোৰে মনত উদয় হৈছে।