সোণতলীত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন 

সোণতলীত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন 

ডিজিটেল সংবাদ, গৰৈমাৰীঃ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন উপলক্ষে কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত যোৱা ১১ নৱেম্বৰত জাতীয় শিক্ষা দিৱসৰ লগতে শৈক্ষিক পৰ্যালোচনা সন্মিলন অনুষ্ঠিত হৈ যায়৷ জাতীয় শিক্ষা দিৱস উপলক্ষে অসমৰ অন্যতম সামাজিক প্ৰতিষ্ঠান স্পৰ্শ-অসমৰ উদ্যোগত দক্ষিণ কামৰূপৰ সোণতলীত অঞ্চলৰ প্ৰায় ৫০ গৰাকী শিক্ষক, শিক্ষা বিষয়া আৰু গৱেষকৰ মাজত এখনি শিক্ষামূলক পৰ্যালোচনা সন্মিলন অনুষ্ঠিত হয়।

সোণতলী আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত সন্মিলনত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিক্ষক তথা গৱেষক উত্তম চন্দ্ৰ দাস, সোণতলী মহাবিদ্যালয়ৰ অধ্যাপক ক্ৰমে- নৌছাদ আলী আহমেদ, আশ্ৰাফ আলী আহমেদ আৰু শিক্ষক হজৰত আলী। ধৰ্মীয় সংখ্যালঘু আৰু অসমৰ অন্যতম চৰ চাপৰি অঞ্চল হিচাপে বৃহত্তৰ সোণতলী অঞ্চলৰ শিক্ষকসকলে শিক্ষাৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যৱহাৰিক সমস্যাসমূহ সন্দৰ্ভত অনুষ্ঠানত মুকলিভাৱে আলোচনা কৰে।

সন্মিলনত শিক্ষক প্ৰতিনিধিসকলে কেতবোৰ উন্নয়নমূলক আঁচনি স্পৰ্শ-অসমক গ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায়৷ বিভিন্ন কাৰণত আজিও সংখ্যালঘু আৰু চৰ-চাপৰি অঞ্চলৰ শিক্ষা আন অঞ্চলতকৈ পিচপৰি থকা বুলি একাংশ শিক্ষকে ক্ষোভ প্ৰকাশ কৰি এনে অঞ্চলবোৰৰ কাৰণে বিকল্প আৰু ক্ষেত্ৰভিত্তিক আঁচনিৰ প্ৰয়োজনীয়তাৰ মতপোষণ কৰে।

চৰ-চাপৰি অঞ্চলৰ ছাত্র-ছাত্ৰীসকলৰ ভাষাগত আৰু গাণিতিক আঁসোৱাহসমূহ দূৰ কৰাৰ কাৰণে জৰীপ আৰু নিজস্ব মূল্যায়ণৰ উপৰিও কেতবোৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও সন্মিলনে সিদ্ধান্ত গ্ৰহণ কৰে। সন্মিলনত শিক্ষা বিভাগৰ মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক ক্ৰমে আমজেদ হুছেইন, আব্দুল ৰৌফ হুছেইন, নিজামূল হ'ক চৌধুৰীয়ে অঞ্চলটোৰ শিক্ষাৰ সামগ্ৰিক বিকাশৰ বাবে শিক্ষক, অভিভাৱক আৰু সামাজিক সংস্থাৰ ত্ৰিকোণীয়া প্ৰয়াসৰ সপক্ষে মতামত আগবঢ়ায়৷

অনুষ্ঠানটো পৰিচালনা কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মূৰব্বী অধ্যাপক তথা স্পৰ্শ-অসমৰ অন্যতম কৰ্মকৰ্তা ৰত্ন দাস আৰু সমন্বয়ক মিৰ্জা লুটফুৰ ৰহমানে। অনুষ্ঠানত অঞ্চলটোৰ সৰ্বমুঠ ৩২খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আজিকোপতি সমাধান নোহোৱা কেতবোৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত শীঘ্ৰেই স্পৰ্শ-অসমৰ নেতৃত্বত এটি শিক্ষকৰ সঁজাতী দলে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিব৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in